Friday, 11 June 2021

Big Head Fish with Bark Of Banana

কল পচলাৰে বিগ হেড মাছৰ জালুকীয়া
Big Head Fish With Bark Of Banana

সামগ্ৰী  --
বিগ হেড মাছ - ৬-৭ টুকুৰা
কল পচলা এডালৰ কুমলীয়া অংশ
মুগৰ দাইল -২ মুঠি
পিয়াজ, বিলাহী এটাকৈ
কেঁচা জলকীয়া দুটা
আদা নহৰু বটা এচামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
নৰসিংহ পাত দহ টা মান
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী  ---  কল পচলা ডাল ধুই মিহিকৈ কুটি লওঁক। পিয়াজ,বিলাহী, জলকীয়া সৰুকৈ কাটি লব ,লগতে মুগৰ দাইল কেইটাও ধুই লওঁক। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা  নিমখ হালধি সানি লৈ ভাজি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ,জলকীয়া, নৰসিংহ পাত আৰু মচলা ভাজি লৈ বিলাহী,মুগৰ দালি আৰু পচলা খিনি ভাজিব। ভালদৰে ভজা হলে নিমখ ,হালধি আৰু এগিলাচ মান পানী দি পচলা খিনি কুকাৰত দি কেইটামান হুইচেল মাৰি লব। দালি খিনি সোনকালে সিজিব আৰু পচলা খিনিও খুব কোমল হব। হুইচেল যোৱাৰ পিছত পচলা খিনি আকৌ কেৰাহীত ঢালি দি অলপ পানী আৰু ভজা মাছ খিনি দি উতলিবলৈ দিব। আঞ্জা খন থুপথুপিয়া হলে কেৰাহীটো নমাই থব। গৰম ভাতৰ লগত খাই খুবেই তৃপ্তি লাগে।

Tuesday, 14 July 2020

Homemade Plum Jam Recipe


 হোমমেড প্লাম জাম ৰেচিপি

সামগ্রী - 
প্লাম ৭৫০ গ্ৰাম
চেনি ১/২ কাপ
নিমখ ১/২ চামুচ
ডালচেনি এটুকুৰা

প্ৰস্তুত প্ৰণালী ---  প্লাম কেইটা ধুই বাকলিৰে সৈতে টুকুৰা কৰি কাটি লৈ গুটি বোৰ পেলাই দিব। মধ্যেমীয়া জুইত কেৰাহী এটা পাতি সকলো খিনি সামগ্রী একেলগে বহাই দি অলপমান সময় লৰাই ঢাকোন লগাই দহ মিনিট মান সময় সিজিবলৈ দিয়ক। প্লাম কেইটা বেছি টেঙা হলে আৰু অলপ চেনি লাগিব পাৰে। তাৰ পিছত ডালচেনি টুকুৰা পেলাই দি হেতাৰে হেচি হেচি প্লাম খিনি ভাঙি মিহি কৰি লৈ একেৰাহে লৰাই থাকিব। জাম খিনি ঘন হৈ আহিলে নমাই আনি ঠান্ডা হবলৈ দিব। আইনাৰ বটলত ভৰাই থৈ ব্রেড পৰঠাৰ লগত বহু দিনলৈ জুতি লৈ থাকিব পাৰি। 


Sunday, 12 July 2020

Instant Dosa Mix Recipe


ইনষ্টেন্ট ডোচা মিক্স ৰেচিপি

সামগ্রী -
মাটি মাহৰ দালি ১/২ কাপ
ৰহৰ দালি ২ টেবুল চামুচ
বুতৰ দালি ২ টেবুল চামুচ
চুজি ৩ টেবুল চামুচ
চাউলৰ গুৰি ২ কাপ
মিথি গুটি ১/২ চামুচ
বেকিং চ'ডা ১/২ চামুচ


প্ৰস্তুত প্রনালী ---   দালি কেইবিধ আৰু মিথি গুটি কেইটা শুকানে ভাজি মিক্সিত মিহিকৈ গুৰি কৰি লব। মেচিন ক্লিন দালি ললে নুধুলেও হব। চুজি আৰু চাউলৰ গুৰি খিনিও শুকানে ভাজি লব। ভাজোতে ৰঙচুৱা হব নালাগে। কোমল আৰু বৰা চাউলৰ বাহিৰে বাকী যিকোনো ভাত খোৱা চাউলৰ গুৰি লব পাৰিব। এতিয়া চাউলৰ গুৰি, দালিৰ গুৰি আৰু বেকিং চ'ডা লগলগাই ভালদৰে মিহলাই লৈ আইনাৰ বটলত ভৰাই থব। ডোচা খাবলৈ মন গলে বনোৱাৰ ১০ মিনিট মান আগতে প্ৰয়োজন মতে ডোচা মিক্স গুৰি লৈ নিমখ আৰু পানী মিহলাই ঘোল তৈয়াৰ কৰি ঢাকি থব। তাৰ পাছত খুব কম সময়ৰ ভিতৰতে ডোচা বনাই খাব পাৰিব।এনেদৰে ঘৰতে ডোচা মিক্স বনাই থৈ বহু দিনলৈ ডোচাৰ জুতি লৈ থাকিব পাৰি। 

Yogurt Chicken / Dahi Chicken

 য়োগর্ট চিকেন / দৈ চিকেন

সামগ্রী -
চিকেন ১ কিলো 
দৈ ডেৰ কাপ
দালচেনি এটুকুৰা
লং ইলাচি ৪-৫ টা
পিয়াঁজ তিনিটা
কেচাঁ জলকীয়া ৪ টা
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
নিমখ সোৱাদ অনুযায়ী
ধনীয়া গুৰি এক চামুচ
চিকেন মচলা ১/২ চামুচ
জালুকৰ গুৰি আধা চামুচ
ৰিফাইন তেল অথবা
বাটাৰ ২ টেবুল চামুচ

প্ৰস্তুত প্রনালী ----   চিকেন খিনি ধুই দৈ আৰু গুৰি মচলা কেইবিধ লগলগাই সানি এক ডেৰ ঘন্টা ঢাকি থৈ দিয়ক। পিয়াঁজ আৰু জলকীয়া সৰুকৈ কুটি লব। কেৰাহীত বাটাৰ বা ৰিফাইন তেল দি গৰম মচলা খিনি দিব। তাৰ পাছত জলকীয়া, পিয়াঁজ আৰু আদা নহৰু বটা ভাজি চিকেনৰ টুকুৰা কেইটা ভাজিব। মাংস সনা দৈ খিনি ৰাখি থব।চিকেন ভালদৰে ভজা হলে নিমখ,দৈ খিনি আৰু একাপ মান পানী দি ঢাকোন লগাই সিজিবলৈ দিব। মাংস সিজি আঞ্জাখন ঘন হৈ আহিলে নমাই আনি ভাত বা ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 


Friday, 10 July 2020

Paneer Stuffed Toy Bread


পনিৰ ষ্টাফড্ টয় ব্রেড 

সামগ্রী -
(১) ময়দা ২ কাপ
চেনি ১ চামুচ
নিমখ ১/২ চামুচ
বাটাৰ ১ টেবুল চামুচ
বেকিং চ'ডা ১/২ চামুচ
বেকিং পাউদাৰ ১ চামুচ
ৰিফাইন তেল ১/৪ কাপ
গাখীৰ প্ৰয়োজন মতে
(২) ষ্টাফিং বনাবৰ বাবে---
পনিৰ ৩০০ গ্ৰাম 
কচুৰি মিথি ১/২ চামুচ
জালুকৰ গুৰি ১/৪ চামুচ
জলকীয়া গুৰি এচামুচ
জিৰা ধনীয়া গুৰি এচামুচ
আদা নহৰু বটা এচামুচ
গৰম মচলা ১/২ চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
জলকীয়া,পিয়াঁজ দুটাকৈ
সজাবলৈ লং ৮ টা
বিলাহী এটা

প্ৰস্তুত প্রনালী ----  (১) ময়দা খিনিত আটাইকেইবিধ সামগ্রী মিহলাই লৈ গাখীৰেৰে মথি লব। ১২-১৫ মিনিট মান সময় মথি কোমল হলে এঘন্টা ঢাকি থৈ দিয়ক। 
(২) পনিৰ খিনি ৰুকি বা হাতেৰে মোহাৰি লব। পাচলি কেইবিধ সৰুকৈ কুটি লওঁক। কেৰাহীত জোখ মতে তেল দি জলকীয়া, পিয়াঁজ আৰু মচলা ভাজি বিলাহী খিনি ভাজিব। নিমখ হালধি দি পনিৰ খিনি দিব। পাচঁ মিনিট মান সময় ভাজি গৰম মচলা দি নমাই আনি ঠান্ডা হবলৈ দিব। 
(৩) কুকাৰ বা কেৰাহী এটাত ষ্টেন্ড এডাল বা ষ্টীলৰ বাতি এটা ৰাখি ঢাকোন লগাই ১০ মিনিট সময় বেছি তাপত প্রিহিত হব দিব। ষ্টীলৰ কাহী এখনত তেল ব্ৰাচ কৰি লব। ময়দা খিনি আকৌ এবাৰ মথি কেইটামান লাড়ু কৰি লব। লাড়ু এটা অলপ বহলাই লৈ মাজত দুচামুচ মান পনিৰ ষ্টাফিং দি পুনৰ লাড়ু কৰি পুতলাৰ আকাৰ দি গাখীৰ ব্ৰাচ কৰি লঙেৰে চকু চুলি সজাই দিব। এনেদৰে বাকী কেইটাও তৈয়াৰ কৰি কাহী খনত ৰাখি মধ্যেমীয়া জুইত ২০-২৫ মিনিট মান সময় বেক কৰিব। ব্ৰেড কেইটা নমাই আনি বাটাৰ ব্ৰাচ কৰি সেমেকা কাপোৰ এখনেৰে আধা ঘণ্টা ঢাকি থৈ তাৰ পিছত পৰিবেশন কৰিব। খাবলৈ নৰম আৰু খুব সোৱাদ লগা হয়। 




Wednesday, 8 July 2020

Chicken Pot Pie


চিকেন পট পাই 

সামগ্রী -
(১) ময়দা ২ কাপ
বাটাৰ ১/২ কাপ
গাখীৰ ১/২ কাপ
চেনি ১ চামুচ
(২) ফিলিঙৰ বাবে... 
বোনলেচ চিকেন ৩০০ গ্রাম
টমেটো চছ ২ টেবুল চামুচ
জালুকৰ গুৰি ১/২ চামুচ
জলকীয়া গুৰি ১ চামুচ
চিকেন মচলা ১/২ চামুচ
গৰম মচলা ১/২ চামুচ
জিৰা ধনীয়া গুৰি ১/২ চামুচ
আদা নহৰু বটা ১/২ চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
গাজৰৰ টুকুৰা ১/২ কাপ
কেপচিকাম ১/২ কাপ
বিলাহী ১/২ কাপ
জলকীয়া দুটা
পিয়াঁজ দুটা
কনী এটা

প্ৰস্তুত প্রনালী ----  (১) পাই মল্ড বা স্টিলৰ সৰু কাহী এখনত তেল ব্ৰাচ কৰি একাষে থৈ দিয়ক। ময়দা খিনিত বাটাৰ আৰু চেনি মিহলাই গাখীৰেৰে ভালদৰে মথি ২০ মিনিট মান সময় ঢাকি থৈ দিয়ক। তাৰ পিছত দুটা লাড়ু কৰি লব। এটা লাড়ু বেলি পাই মল্ডত বহাই দিব আৰু আনটো লাড়ু বহলকৈ বেলি দীঘল দীঘলকৈ ফিটাৰ দৰে কাটি লব। 
(২) টমেটো চছ আৰু কনীটো একাষে থৈ দিয়ক। চিকেন খিনি মিক্সিত অলপ পিহি লব। পিয়াঁজ আৰু জলকীয়া সৰুকৈ কুটি লব। কেৰাহীত দুচামুচ মান তেল দি জলকীয়া, পিয়াঁজ, আদা নহৰু বটা আৰু বাকী সকলো মচলা ভাজি গাজৰ আৰু কেপচিকাম খিনি ভাজিব। তাৰ পাছত নিমখ হালধি দি চিকেন খিনি ভাজিব। ভালদৰে ভজা হলে বিলাহী খিনি দি আকৌ পাচঁ মিনিট মান সময় ভাজি গৰম মচলা দি কেৰাহীটো নমাই থব। 
(৩) পাই মল্ডৰ ৰুটি খনত টমেটো চছ খিনি সমানে বহলাই দি চিকেনৰ ফিলিং খিনিও দিব। তাৰ ওপৰত ময়দাৰ ফিটা কেইডাল সজাই দি কনীটো ফেটি  ব্রাচ কৰি দিব। প্রিহিট অভেনত ২০০ ডিগ্ৰীত ২০-২৫ মিনিট মান সময় বেক কৰিব। কুকাৰ বা কেৰাহীত বহালে মধ্যেমীয়াতকৈ অলপ বেছি তাপত বেক কৰিব লাগিব। গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়। 



Saturday, 4 July 2020

Chocolate Peanut Bar ( Sugar Free)


চকলেট পিনাট বাৰ ( চুগাৰ ফ্রি) 

সামগ্রী -
পিনাট ২৫০ গ্রাম
গাখীৰ ১ কাপ
চকলেট ১২০ গ্ৰাম
ঘিউ ১ চাহ চামুচ
বাটাৰ ১ টেবুল চামুচ
ইলাচি গুৰি ১/২ চামুচ
বগা তিল ২ টেবুল চামুচ
পাউদাৰ গাখীৰ ১/২ কাপ

প্ৰস্তুত প্রনালী ----   বাদাম খিনি (পিনাট) শুকানে ভাজি বাকলি গুচাই মিক্সিত মিহিকৈ গুৰি কৰি লব। চকলেট খিনি গলাই লৈ বাটাৰ মিহলাই ২০ মিনিট মান সময় ফ্রিজত থৈ অলপ গোট মাৰিব দিব। তিল খিনি শুকানে অলপ ভাজি একাষে থৈ দিয়ক। ননস্টিক কেৰাহী এটাত ঘিউ আৰু গাখীৰ গৰম হবলৈ দি বাদামৰ গুৰি, পাউদাৰ গাখীৰ আৰু ইলাচি গুৰি দি একেৰাহে লৰাই থাকিব। একেবাৰে কম তাপত ভাজি থাকি মিশ্রণটো কেৰাহীৰ পৰা এৰাই আহিলে নমাই আনি ঠান্ডা হবলৈ দিব। অলপ ঠান্ডা হলে বাদামৰ মিশ্রণটো কাহী এখনৰ ওলোটা ফালে বহলাই দি ওপৰত চকলেট খিনি দি লাহে লাহে মেৰিয়াই ৰোল কৰি বগা তিল ছটিয়াই ৰোলটো আধা ঘণ্টা মান সময় ফ্রিজত থৈ উলিয়াই আনি টুকুৰা কৰি কাটি পৰিবেশন কৰিব। 





Monday, 29 June 2020

Caramel Sabudana /Tapioca Pudding


কেৰামেল চাগুদানা পুডিং

সামগ্রী -
চাগুদানা ১ কাপ
পানী ৫- ৬ কাপ
গাখীৰ ১/২ লিটাৰ
ভেনিলা এচেন্স এচামুচ
চেনি ৪ টেবুল চামুচ
নিমখ এচিকুট
কনী ৩ টা

প্ৰস্তুত প্রনালী ----  (১) পানী কেইকাপ উতলিবলৈ দিয়ক। এক উতল আহিলে চাগুদানা খিনি দি ভালদৰে সিজাই ঠান্ডা পানীৰে দুবাৰ মান ধুই খৰাহী এটাত তৰিয়াই থব। 
(২) এচামুচ পানীৰ সৈতে দুই টেবুল চামুচ চেনি ৰঙচুৱাকৈ গলাই লৈ ভাপত বহাব পৰা বাচন এটাত কেৰামেল খিনি ঢালি একাষে থৈ দিয়ক। 
(৩) গাখীৰ খিনি অলপ গৰম হবলৈ দিয়ক। উতল অহাৰ আগতে নমাই থব। কনী কেইটা চেনিৰ সৈতে ফেটি লৈ তাত ভেনিলা এচেন্স, নিমখ আৰু গাখীৰ খিনি অলপ অলপকৈ ঢালি দি একেৰাহে লৰাই থাকি চাগুদানা খিনি দি ভালদৰে মিহলাই লব। মিশ্রণটো কেৰামেল থোৱা বাচন টোত ঢালি দি এলুমিনিয়াম পেপাৰেৰে ঢাকি দিব। 
(৪) কেৰাহী এটাত দুগিলাচ মান পানী উতলিবলৈ দি ষ্টেন্ড এডাল ৰাখি বাচনটো বহাই দি ঢাকোন লগাই দিব। মধ্যেমীয়া জুইত ৩০-৩৫ মিনিট মান সময় সিজাই নমাই আনি ঠান্ডা হবলৈ দিব। কিছু ঠান্ডা হলে ৪-৫ ঘন্টা ফ্রিজত থৈ উলিয়াই আনি  প্লেট এখনত ওলোটাই দি পুডিংটো টুকুৰা কৰি কাটি পৰিবেশন কৰিব। 

Thursday, 25 June 2020

Hot Chocolate Recipe


হট চকলেট ৰেচিপি

সামগ্রী -
ডার্ক চকলেট ৪ টেবুল চামুচ
কোকো পাউদাৰ ১ টেবুল চামুচ 
হুইপিং ক্রিম ২ টেবুল চামুচ
চেনি ১ টেবুল চামুচ 
গাখীৰ ১ গিলাচ

প্ৰস্তুত প্রনালী ---  চকলেট খিনি ৰুকি বা খুব মিহিকৈ কাটি লওঁক। এচামুচ চকলেট হুইপিং ক্রিমৰ সৈতে ফেটি লব। আধা কাপ গাখীৰত কোকো পাউদাৰ চামুচ গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দিয়ক। ভালদৰে গৰম হলে গাখীৰত কোকো পাউদাৰ, চেনি আৰু চকলেট খিনি দি এক মিনিট মান সময় একেৰাহে লৰাই নমাই আনি গিলাচত ঢালি ওপৰত হুইপিং ক্রিম দি চকলেটেৰে সজাই পৰিবেশন কৰিব। 

Wednesday, 24 June 2020

Crispy Dosa Recipe


ক্রিস্পী ডোচা ৰেচিপি

সামগ্রী -
মাটি মাহৰ দালি ১/২ কাপ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
মিথিগুটি ১/৪ চামুচ
চাউল ডেৰ কাপ
চিৰা ১/৪ কাপ

প্ৰস্তুত প্রনালী ----  মাটি মাহৰ দালি, চাউল আৰু মিথি কেইটা লগলগাই ধুই ৪-৫ ঘন্টা মান সময় তিয়াই থৈ দালিৰ বাকলি গুচাই লব। কোমল আৰু বৰা চাউলৰ বাহিৰে যিকোনো ভাত খোৱা চাউল লব পাৰিব। চিৰা কেইটা ধুই দালি চাউলৰ লগত মিহলাই একেলগে মিক্সিত পিহি লব। খুব বেছি মিহি হব নালাগে। মিশ্রনটো ৫-৬ ঘন্টা বা এৰাতি ঢাকি ঘৰৰ গৰম ঠাইত থৈ দিয়ক। ঘোলটো বেছি ঘন হলে অলপ পানী মিহলাই লব। ডোচা বনোৱাৰ সময়ত জুতি মতে নিমখ মিহলাই লব। ঘোল বেছি হলে নিমখ নিদিয়াকৈ ফ্রিজত থলে ৩-৪ দিনলৈ ডোচা বনাই খাই থাকিব পাৰি। কম জুইত ডোচা তাৱা খন বহাই সামান্য তেল মচি দুই হেতা ঘোল দি বহলাই দিব। এতিয়া জুই মধ্যেমীয়া কৰি ডোচা খনৰ চাৰিওফালে তেল ছটিয়াই দিব। মচমচীয়া হলে ডোচা খন নমাই থব। এখন ভজা হোৱাৰ পিছত অলপ পানী ছটিয়াই দি তাৱা খন সামান্য ঠান্ডা হলে আন এখন ডোচা বহাই দিব। এনেদৰে বাকী কেইখন ডোচাও ভাজি মচলা আলু আৰু চাম্ভৰৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 

Friday, 19 June 2020

Pumpkin Seeds & Tomato Paneer Gravy


ৰঙালাওঁৰ গুটি আৰু বিলাহীৰে পনিৰ গ্রেভি 
সামগ্রী - 
পনিৰ ৩০০ গ্রাম
ৰঙালাওঁৰ গুটি একাপ
জিৰা গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ 
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
গৰম মচলা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
তেল প্ৰয়োজন মতে
হালধি জোখ মতে
পিয়াঁজ তিনিটা
বিলাহী দুটা

প্ৰস্তুত প্রনালী ---  পনিৰ খিনি টুকুৰা কৰি কাটি জালুকৰ গুৰি সানি একাষে থৈ দিয়ক। ৰঙালাওঁৰ গুটি খিনি ধুই আধা কাপ পানীৰ সৈতে মিক্সিত মিহিকৈ পিহি তাত আৰু আধা কাপ পানী মিহলাই ঘন চেকনিৰে চেকি বাকলি বোৰ পেলাই দিব। বাকলি থকা যেন পালে আকৌ এবাৰ চেকি লব। এনেদৰে কৰিলে গুটিবোৰ ৰ'দত দিয়া আৰু তাৰ পিছত বাকলি এৰোৱা অযথা কষ্ট আৰু সময় বিলাক ৰাহি হয়। বিলাহী আৰু পিয়াঁজ কেইটা সিজাই মিক্সিত বটি লব। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা আৰু গুৰি মচলা বোৰ ভাজি পিয়াঁজ বিলাহী বটা খিনি ভাজিব। মচলা ভজা হলে নিমখ হালধি আৰু ৰঙালাওঁৰ গুটিৰ ৰস খিনি দিব। প্ৰয়োজন হলে আৰু অলপ মান দি উতলিব দিব। ভালদৰে উতল আহিলে পনিৰৰ টুকুৰা কেইটা কেৰাহীত দি (ভাজিব নালাগে) সিজিবলৈ দিব। আঞ্জাখন ঘন হৈ আহিলে গৰম মচলা দি নমাই থব। ভাত বা ৰুটি লুচিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 


Thursday, 18 June 2020

Malabar Chicken Curry


মালাবাৰ চিকেন কাৰী 

সামগ্রী - 
চিকেন ১ কেজি
ৰোকা নাৰিকল ১/৪ কাপ
নৰসিংহৰ পাত ১০-১২ টা
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ 
গৰম মচলা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
ধনীয়া গুৰি এক চামুচ
জিৰা গুৰি আধা চামুচ
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
কেচাঁ জলকীয়া দুটা
পিয়াঁজ চাৰিটা
বিলাহী দুটা

প্ৰস্তুত প্রনালী ----   চিকেন খিনি ধুই গৰম মচলাৰ বাহিৰে বাকী সকলো গুৰি মচলা সানি আধা ঘণ্টা ঢাকি থৈ দিয়ক। জলকীয়া, বিলাহী আৰু পিয়াঁজ কেইটা সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল গৰম হবলৈ দি নৰসিংহৰ পাত, জলকীয়া আৰু আদা নহৰু বটা ভাজি পিয়াঁজ খিনি ভাজিব। এতিয়া নাৰিকল আৰু বিলাহী ভাজি মাংস খিনি ভাজিব। নিমখ হালধি দি মাংস খিনি ভালদৰে ভাজি ডেৰ গিলাচ মান পানী দি উতলিব দিব। মাংস সিজি আঞ্জাখন ঘন হৈ আহিলে গৰম মচলা দি কেৰাহীটো জুইৰ পৰা নমাই আনি ভাত ৰুটিৰ লগত পৰিবেশন কৰিব। 


Friday, 12 June 2020

Watermelon Kaju Katli


ৱাটাৰ মেলন কাজু কাটলি

সামগ্রী -
কাজুবাদাম ২০০ গ্রাম
চেনি ১/২ কাপ
গাখীৰ ১/২ কাপ
তিল ১/৪ চামুচ
ঘিউ ১ চাহ চামুচ
মিল্ক পাউদাৰ ১/৪ কাপ
কন্ডেন্স মিল্ক ১/৪ কাপ
ইলাচি গুৰি ১/৪ চামুচ
ৰঙা,সেউজীয়া ফুড কালাৰ

প্ৰস্তুত প্রনালী ----  কাজু কেইটা মিক্সিত দি মিহিকৈ গুৰি কৰি লব। মিক্সিটো ৫ ছেকেণ্ড মানকৈ চলাই চলাই গুৰি খিনি কৰিব লাগিব নহলে কাজু কেইটা লাগি ধৰিব পাৰে। কাজুৰ গুৰিৰ লগত পাউদাৰ গাখীৰ খিনি মিহলাই লব। তিল খিনি শুকানে ভাজি একাষে থৈ দিয়ক। ননস্টিক কেৰাহী এটাত ঘিউ আৰু গাখীৰ গৰম হবলৈ দি তাত চেনি, কন্ডেন্স মিল্ক আৰু ইলাচি গুৰি দি ভালদৰে লৰাই দিব। জুই কমাই কাজুৰ গুৰি খিনি অলপ অলপকৈ দি একেৰাহে লৰাই থাকি মিশ্রণটো ঘন হৈ কেৰাহীৰ পৰা এৰাই আহিলে নমাই আনি ঠান্ডা হবলৈ দিব। অলপ ঠান্ডা হলে তিনি ভাগ কৰি লব। এটা ভাগ অলপ বেছিকৈ লৈ সেউজীয়া ৰং মিহলাই ৫ টা লাড়ু কৰি লব। আন দুটা ভাগ সমানে কৰি এটা ভাগত ৰঙা ৰং মিহলাই লব। দুয়োটা ভাগৰে ৫ টাকৈ লাড়ু কৰি লব। প্রথমে সেউজীয়া লাড়ু এটা হাতত লৈ অলপ বহলাই দি ওপৰত বগা লাড়ু এটা বহলাই লৈ মাজত ৰঙা লাড়ু এটা ৰাখি ভালদৰে বন্ধ কৰি দিব। এনেদৰে বাকী বোৰো তৈয়াৰ কৰি এক দুই ঘণ্টা  ফ্রিজত থৈ উলিয়াই আনি এটা লাড়ুৰ ৪ টুকুৰা কৰি কাটি তিলেৰে গুটি সজাই পৰিবেশন কৰিব। 





Thursday, 11 June 2020

Litchi Sago /Tapioca Eggless Pudding


লিচু চাগুদানাৰ এগলেচ পুডিং 

সামগ্রী -
চাগুদানা আধা কাপ
পানী এক লিটাৰ
নিমখ ১/৪ চামুচ
লিচু ১০-১২ টা মান
চেনি আধা কাপ
গাখীৰ আধা লিটাৰ
ৰোজ এচেন্স ৪ টোপাল
জিলেটিন ডেৰ চামুচ
 মিল্ক পাউদাৰ দুচামুচ
সজাবলৈ পিস্তা দুচামুচ
অৰেঞ্জ ফুড কালাৰ ২টোপ

প্ৰস্তুত প্রনালী ----  পুডিং ভৰাবলৈ যিকোনো পৰিষ্কাৰ বাতি এটাত সামান্য তেল সানি একাষে থৈ দিয়ক। পানী লিটাৰত নিমখ খিনি দি উতলিবলৈ দিয়ক। চাগুদানা কেইটা উতলা পানীত দি সিজিবলৈ দিব। ভালদৰে সিজিলে চেকি লৈ চাগুদানা কেইটা ঠান্ডা পানীৰে দুবাৰ মান ধুই তুলি থব। লিচু কেইটা ধুই বাকলি গুচাই সমান জোখত এৰুৱাই দুভাগ কৰি লব। এভাগ পুডিং বাতিটোত সজাই আনভাগ থৈ দিব। আধা কাপ মান গাখীৰত জিলেটিন খিনি গুলি থৈ বাকী খিনি গাখীৰত মিল্ক পাউদাৰ, চেনি আৰু ৰোজ এচেন্স মিহলাই লৈ কম জুইত গৰম হবলৈ দি একেৰাহে লৰাই থাকিব। চেনি গলিলে জিলেটিন খিনি দি এক মিনিট মান সময় পিছত নমাই আনি চাগুদানা খিনি দি ভালদৰে লৰাই দুভাগ কৰিব। এভাগ পুডিং বাতিটোত ভৰাই আন ভাগত ফুড কালাৰ মিহলাই একাষে থৈ দিয়ক। পুডিং বাতিটো ডিপ ফ্রিজত ৫ মিনিট ৰাখি উলিয়াই আনি কালাৰ দিয়া ভাগটো ঢালি দি ওপৰত আনভাগ লিচু সজাই দি  ফ্রিজত ২-৩ ঘন্টা থৈ দিব। পিষ্টাৰে সুন্দৰকৈ সজাই ঠান্ডা কৰিয়েই পৰিবেশন কৰিব। 






Wednesday, 10 June 2020

Lemon Concoction ( Frozen Lemon Cubes)


 ফ্রোজেন লেমন কিউবচ ৰেচিপি 

সামগ্রী -
কাজী নেমু ৭-৮ টা 
পুদিনা পাত অলপ

প্ৰস্তুত প্রনালী ---  নেমু কেইটা ভালদৰে ধুই কাটি লৈ এখন চামুচৰ সহায়েৰে ৰস বোৰ উলিয়াই চেকি লব। পুদিনা পাত কেইটা ধুই সৰু সৰুকৈ কুটি নেমুৰ ৰসত মিহলাই দিব। ফ্রিজৰ আইচ কিউব ট্রে খনত নেমুৰ ৰস খিনি ভৰাই ডিপ ফ্রিজত থৈ এসপ্তাহলৈ জুতি লব পাৰিব। অকল নেমুৰ ৰস ভৰাই থলে বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰি। নিজৰ বাৰীৰ নেমু জোপাত সৰহকৈ লাগিলে বা বজাৰৰ পৰা বেছিকৈ কিনি আনিলে নষ্ট হৈ যোৱাতকৈ এনেদৰে সংৰক্ষণ কৰি ৰাখিলে ঘৰত নেমু নথকা দিন বোৰত বহুত কামত আহিব। 

Tuesday, 9 June 2020

Doi Maach/ Dahi Fish Curry


দৈৰে মাছ / দহী ফিছ্ কাৰী

সামগ্রী -
ভকুৱা মাছ ৬-৭ টুকুৰা
জালুকৰ গুৰি আধা চামুচ
ৰিফাইন তেল জোখ মতে
ধনীয়া গুৰি আধা চামুচ 
কচুৰি মিথি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
আদা নহৰু বটা এচামুচ
কাজু বটা ১টেবুল চামুচ
কেচাঁ জলকীয়া চাৰিটা
লং ইলাচি ৪-৫ টা মান
ডালচেনি সৰু এটুকুৰা
দৈ আধা কাপ
পিয়াঁজ চাৰিটা

প্ৰস্তুত প্রনালী ----  মাছ কেইটুকুৰা ধুই অলপ মান জালুকৰ গুৰি আৰু নিমখ সানি একাষে থৈ দিয়ক। পিয়াঁজ কেইটা সৰুকৈ কুটি লওঁক আৰু জলকীয়া কেইটা দুফাল কৰি লব। দৈ খিনি অলপ ফেটি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা ভাজি তুলি থৈ সেই তেলতে গৰম মচলা, জলকীয়া আৰু পিয়াঁজ খিনি অলপ ভাজি বাকী মচলা ভাজিব। মচলাৰ ভজা গোন্ধ ওলালে কাজু বটা আৰু নিমখ দি অলপ ভাজি কেৰাহীটো জুইৰ পৰা নমাই আনি দৈ খিনি ঢালি দি একেৰাহে অলপ সময় লৰাই কেৰাহীটো পুনৰ জুইত বহাই দিব। এগিলাচ মান অথবা নিজৰ জোখ মতে পানী দি উতলিব দিব। ভালদৰে উতল আহিলে ভজা মাছ কেইটুকুৰা কেৰাহীত দিব। আঞ্জাখন ঘন হৈ থুপথুপীয়া হলে নমাই আনি ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 



Monday, 8 June 2020

Eggless Mango Cake With Marie Biscuit (No Atta Maida)


এগলেচ ম্যাঙ্গো কেক উইথ মেৰী বিস্কুট

সামগ্রী -
পকা আম দুটা
নিমখ ১/৪ চামুচ
দৈ ১ টেবুল চামুচ
চেনি ৪ টেবুল চামুচ
গাখীৰ ২ টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
বেকিং পাউদাৰ এচামুচ
ৰিফাইন তেল ১/৪ কাপ
মেৰী বিস্কুট ২২- ২৫ খন

প্ৰস্তুত প্রনালী ----  কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি একাষে থৈ দিয়ক। পকা আম দুটাৰ বাকলি গুচাই কাটি লৈ মিক্সিত পিউৰি কৰি লব। পিউৰি খিনি গৰম হবলৈ দি দুই টেবুল চামুচ চেনি, বাটাৰ আৰু নিমখ খিনি দি চেনি গলি যোৱালৈ একেৰাহে লৰাই নমাই আনি দুভাগ কৰি ঠান্ডা হবলৈ দিয়ক। বাকী খিনি চেনিৰ সৈতে বিস্কুট কেইখন মিক্সিত দি মিহিকৈ গুৰি কৰি লৈ বেকিং পাউদাৰৰ লগত একেলগে চালি লব। বহল বাচন এটাত এভাগ পিউৰিৰ লগত তেল,গাখীৰ আৰু দৈ লগলগাই ফেটি লৈ বিস্কুটৰ গুৰি খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই কেক টিনটোত ঢালি দি প্রিহিট অভেনত ১৮০ ডিগ্রীত ৪৫-৫০ মিনিট সময় বেক কৰিব। কেৰাহী বা কুকাৰত বহালে সময়ৰ অলপ কম বেছি হব পাৰে। কেকটো ঠান্ডা হলে বাকী খিনি আমৰ পিউৰিৰে সুন্দৰকৈ সজাই পৰিবেশন কৰিব। 


Friday, 5 June 2020

Multigrain Atta Egg Cutlet With Sprouts Salad


মাল্টি গ্রেইন আটা এগ কাটলেট উইথ স্প্রাউট চালাড

সামগ্রী -
মাল্টি গ্রেইন আটা ১/২ কাপ
গজালি ওলোৱা মুগ(স্প্রাউট) ১/২ কাপ
কিচ্ছেন কিং মচলা আধা চামুচ
জলকীয়া, পিয়াঁজ দুটাকৈ
মিহিকৈ কুটা নহৰু এচামুচ
সিজোৱা আলু আধা কাপ
জালুকৰ গুৰি আধা চামুচ 
জলকীয়া গুৰি এক চামুচ
ধনীয়া গুৰি আধা চামুচ 
চাট মচলা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
বাটাৰ এক টেবুল চামুচ
টমেটো চছ এক চামুচ 
নেমুৰ ৰস এক চামুচ 
তেল প্ৰয়োজন মতে
ধনীয়া পাত এমুঠি
কনী দুটা

প্ৰস্তুত প্রনালী ----    কনী দুটা ফেটি লৈ তাত আটা খিনি মিহলাই ২০ মিনিট মান সময় ঢাকি থৈ দিয়ক। মুগ কেইটাৰ লগত এচিকুট জালুকৰ গুৰি, নিমখ আৰু নেমুৰ ৰস মিহলাই চালাড তৈয়াৰ কৰি একাষে থৈ দিয়ক। টমেটো চছ খিনি পিছত সজাবলৈ ৰাখি থব। জলকীয়া, পিয়াঁজ আৰু ধনীয়া পাত খিনি সৰুকৈ কুটি লব। বহল বাচন এটাত আটা, আলু আৰু বাকী সকলো সামগ্রী লগলগাই সানি লৈ নিজৰ পচন্দৰ আকাৰ দি কাটলেট কেইটা তাৱাত কম তেলত ভাজি লব। কাটলেট কেইটা মুগৰ চালাডৰ লগত টমেটো চছেৰে সজাই গৰমে গৰমে পৰিবেশন কৰিব। 





Desi Murgh Curry With Roselle Leaves / Tengamora /Meska Tenga



টেঙা মৰা /মেস্কা টেঙা পাতেৰে দেশী  মুর্গীৰ জোল

সামগ্রী -
দেশী মুৰ্গীৰ মাংস ১ কেজি
টেঙা মৰা পাত এবাতি 
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ 
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি এক চামুচ
জিৰা গুৰি আধা চামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী 
তেল হালধি জোখ মতে
গুড় বা চেনি ১ চামুচ
সিজোৱা আলু দুটা
জলকীয়া তিনিটা
পিয়াঁজ চাৰিটা 

প্ৰস্তুত প্রনালী ----   মাংস খিনি ধুই জালুকৰ গুৰি আৰু চিকেন মচলা সানি আধা ঘণ্টা ঢাকি থৈ দিয়ক। টেঙা মৰা পাত কেইটা ধুই কুটি লওঁক লগতে জলকীয়া আৰু পিয়াঁজ কেইটাও কাটি লব। সিজোৱা আলু দুটা অলপ পিটিকি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ জলকীয়া ভাজি বাকী সকলো বটা আৰু গুৰি মচলা বোৰ ভাজিব। গৰম মচলা খিনি ৰাখি থব। নিমখ হালধি আৰু গুড় খিনিও দিব। মচলাৰ ভজা গোন্ধ ওলালে মাংস খিনি দি ভালদৰে ভাজি আলু আৰু টেঙা মৰা খিনি দি আকৌ অলপ সময় ভাজি ডেৰ গিলাচ মান পানী দি উতলিব দিব। আঞ্জাখন উতলি ঘন হৈ আহিলে গৰম মচলা দি নমাই থব। গৰমৰ দিনত ভাত অথবা ৰুটিৰ লগত খাবলৈ খুবেই জুতি লগা হয়। 

Thursday, 4 June 2020

Bark Of Banana / Kol Posola Khar With Whole Moong



গোটা মুগেৰে কল পচলাৰ খাৰ

সামগ্রী-
কল পচলা এডাল
গোটা মুগ আধা কাপ
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
সৰিয়হ বটা আধা চামুচ
নহৰু বটা আধা চামুচ
আদা বটা এক চামুচ
নিমখ সোৱাদ অনুযায়ী
কলাখাৰ এচামুচ অথবা
খোৱা চ'ডা ১/৪ চামুচ
শুকান জলকীয়া দুটা
তেল,হালধি জোখ মতে

প্ৰস্তুত প্রনালী ---  গোটা মুগ কেইটা ধুই এক ঘণ্টা পানীত তিয়াই থৈ দিয়ক। পচলা ডাল মিহিকৈ কুটি লব। কেৰাহীত জোখ মতে তেল দি জলকীয়া, বটা আৰু গুৰি মচলা বোৰ ভাজি মুগ কেইটা ভাজিব। নিমখ আৰু সামান্য হালধি দি পচলা খিনি ভাজিব। ভালদৰে ভজা হলে খাৰ আৰু এগিলাচ মান পানী দি কুকাৰত বহাই চাৰিটা মান হুইছেল মাৰি নমাই থব। অলপ ঠান্ডা হলে হেতা এখনেৰে হেচি পচলা খিনি মিহি কৰি লৈ এচামুচ কেচাঁ মিঠাতেল মিহলাই খাৰৰ আঞ্জাখন পৰিবেশন কৰিব। 

Fennel Seeds/Saunf Flavored Boneless Chicken


চফ্ ফ্লেভার্ড বোনলেচ চিকেন

সামগ্রী -
বোনলেচ চিকেন ৫০০ গ্রাম
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ 
গৰম মচলা আধা চামুচ
 মিট মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
চফ্ ১ টেবুল চামুচ
কাজুবাদাম ৮-৯ টা
জলকীয়া তিনিটা
পিয়াঁজ চাৰিটা 
বিলাহী দুটা

প্ৰস্তুত প্রনালী ---  মাংস খিনি ধুই জালুকৰ গুৰি আৰু মিট মচলা সানি আধা ঘণ্টা ঢাকি থৈ দিয়ক। বিলাহী আৰু পিয়াঁজ কেইটা সিজাই কাজু আৰু জলকীয়াৰে সৈতে মিক্সিত পিহি লওঁক। চফ্ খিনি শুকানে ভাজি খুন্দনাত খুন্দি লব। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা খিনি ভাজি পিয়াঁজ বিলাহী বটা খিনি ভাজিব। চফ্ গুৰিৰ বাহিৰে বাকী সকলো গুৰি মচলা আৰু নিমখ হালধি দি মাংস খিনি ভাজিব। ভালদৰে ভজা হলে ডেৰ গিলাচ মান পানী  দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে চফ্ গুৰি খিনি দি কেৰাহীটো জুইৰ পৰা নমাই থব। গৰম ভাত বা ৰুটি লুচিৰ লগত খাবলৈ খুবেই জুতি লগা হয়। 



Wednesday, 3 June 2020

Tea Time Suji Aloe Vera Chop



টি টাইম চুজি এলোভেৰা চপ

সামগ্রী -
চুজি আধা কাপ
গাখীৰ আধা কাপ
এলোভেৰা পাত এটা
সিজোৱা আলু দুটা
নেমুৰ ৰস এক চামুচ
মিক্স হার্বচ আধা চামুচ
ছিলি ফ্লেক্স এক চামুচ
ধনীয়া দুই টেবুল চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
বাটাৰ এক টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
মিহিকৈ কুটা নহৰু এচামুচ
পিয়াঁজ, জলকীয়া দুটাকৈ
তেল, হালধি প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী ----    এলোভেৰা পাতটো ধুই কাঁইট বোৰ গুচাই দুঘন্টা মান থিয় কৰাই থৈ দিব, আঠা খিনি নিজে নিজে গৈ নোহোৱা হলে পাতটো পুনৰ ধুই মিহিকৈ কুটি লব।চুজি খিনি গাখীৰত তিয়াই আধা ঘণ্টা থৈ দিয়ক। পিয়াঁজ আৰু জলকীয়া দুটা সৰুকৈ কুটি লব, লগতে আলু দুটাও পিটিকি লব। চপ কেইটা ভাজিবলৈ প্ৰয়োজন মতে কেৰাহীত তেল দি মধ্যেমীয়া জুইত গৰম হবলৈ দিয়ক। বহল বাচন এটাত চুজিৰ লগত এলোভেৰা আৰু বাকী সকলো সামগ্রী লগলগাই সানি লৈ নিজৰ পচন্দৰ আকাৰ দি চপ কেইটা ভাজি লৈ টমেটো চছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 

Saturday, 30 May 2020

Cheesy Dalia Cutlet



ছিজি দালিয়া কাটলেট

সামগ্রী -
দালিয়া এক কাপ
পানী ডেৰ কাপ
ছিজ আধা কাপ
বাটাৰ এক চামুচ
ধনীয়া পাত এমুঠি
সিজোৱা আলু দুটা
মিহিকৈ কুটা নহৰু এচামুচ
পিয়াঁজ,জলকীয়া দুটাকৈ
ব্রেডক্রাম্ব বা বিস্কুটৰ গুৰি
জালুকৰ গুৰি আধা চামুচ
চাট মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী ---   দালিয়া খিনি পানীৰে সৈতে কুকাৰত দি এক হুইছেল মাৰি সিজাই লওঁক। ছিজ খিনি ৰুকি একাষে থৈ দিয়ক । আলু দুটাও ৰুকি লব। দালিয়াৰ লগত ছিজৰ বাহিৰে বাকী সকলো সামগ্রী লগলগাই সানি লৈ নিজৰ পচন্দ মতে আকাৰ দি কাটলেট কেইটা বিস্কুটৰ গুৰিত লেটিয়াই ভাজিবৰ বাবে সাজু কৰি লব। তাৱাত দুচামুচ মান তেল দি কাটলেট কেইটা বহাই দুই মিনিট মান পিছত লুটিয়াই দি কাটলেট কেইটাৰ ওপৰত ছিজ খিনি দি ঢাকোন লগাই ৫ মিনিট মান সময় কম তাপত ভাজি টমেটো চছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 



Friday, 29 May 2020

Amul Taaza Gold Homemade Paneer


আমূল তাজা গাখীৰৰ পনিৰ

সামগ্রী -
আমূল তাজা (গোল্ড) ২ লিটাৰ 
নেমুৰ ৰস ২ -৩ টেবুল চামুচ
গৰম পানী ৪ টেবুল চামুচ

প্ৰস্তুত প্রনালী ---  গাখীৰ খিনি গৰম হবলৈ দি মাজে মাজে লৰাই থাকিব। নেমুৰ ৰসত গৰম পানী খিনি মিহলাই লব। নেমুৰ ৰসৰ সলনি ভিনেগাৰো দিব পাৰে। গাখীৰ খিনি উতল অহাৰ আগে আগে জুই বন্ধ কৰি দি অলপ অলপকৈ নেমুৰ ৰস দি একেৰাহে লৰাই চানা ফটাই লব। চানা খিনি কপাহী কাপোৰত লৈ ঠান্ডা পানীৰে ধুই ভালদৰে পানী চেপি লৈ পনিৰ খিনিৰ ওপৰত কিবা ওজন থকা বস্তু ৰাখি আধা ঘণ্টাৰ পিছত টুকুৰা কৰি কাটি লব। 

Thursday, 28 May 2020

Crispy Nimki Recipe


ক্রিস্পি নিমকি ৰেচিপি

সামগ্রী -
ময়দা এক কাপ
ঘিউ  ডেৰ টেবুল চামুচ
পানী ২-৩ টেবুল চামুচ
তেল প্ৰয়োজন মতে
নিমখ ১/২ চামুচ
চেনি ১ চামুচ

প্ৰস্তুত প্রনালী ---  ময়দা খিনিত নিমখ, চেনি আৰু ঘিউ ভালদৰে মিহলাই অলপ অলপকৈ পানী দি মথি আধা ঘণ্টা ঢাকি থৈ দিয়ক। ৰুটিৰ আটাতকৈ অলপ টানকৈ মথিব লাগিব, তেতিয়াহে নিমকি কেইখন বেছি মচমচীয়া হব। কেৰাহীত প্ৰয়োজন মতে তেল দি কম মধ্যেমীয়া জুইত গৰম হবলৈ দিয়ক। ময়দা খিনিৰ তিনিটা লাড়ু বনাই এটা এটাকৈ বেলি ডায়মন্ড আকাৰত কাটি তেলত ভাজি তুলি থব। নিমকি খিনি ঠান্ডা হলে এয়াৰ টাইট বৈয়ামত ভৰাই থৈ বহু দিনলৈ জুতি লৈ থাকিব পাৰিব। 

Wednesday, 27 May 2020

Spring Roll Wrappers / Samosa Sheets Recipe


স্প্রিং ৰোল ৰেপার্চ / চমোচা ছিট্ ৰেচিপি

সামগ্রী -
ময়দা এক কাপ + ১/২ কাপ
কর্ণ ফ্লাৰ এক কাপ
গাখীৰ এক কাপ
পানী প্ৰয়োজন মতে
তেল এচামুচ

প্ৰস্তুত প্রনালী ---  একাপ ময়দাৰ লগত  কর্ণ ফ্লাৰ আৰু গাখীৰ খিনি মিহলাই প্ৰয়োজন অনুসৰি পানী দি পাতল ঘোল এটা তৈয়াৰ কৰি লওঁক। ননস্টিক তাৱা এখন কম মধ্যেমীয়া জুইত গৰম হবলৈ দি সামান্য তেল মচি এক হেতা ঘোল দি তাৱা খন ঘূৰাই দি বেছি হোৱা ঘোল খিনি পুনৰ বাচনটোত ঢালি থব। এক মিনিট মান সময় পিছত অথবা তাৱা খনৰ পৰা নিজে এৰাই আহিলে নমাই থৈ ওপৰত ময়দা ছটিয়াই আন এখন ছিট ৰাখিব। এনেদৰে বাকীবোৰ তৈয়াৰ কৰি নিজৰ ৰুচি মতে স্প্রিং ৰোল আৰু চমোচা ঘৰতে বনাই জুতি লব পাৰিব। বাটাৰ পেপাৰেৰে মেৰিয়াই বা এয়াৰটাইট কন্টেনাৰত ভৰাই ফ্রিজাৰত থলে এক ডেৰ মাহলৈ ব্যৱহাৰ কৰিব পাৰিব। 

      

Boneless Chicken With Fried Onion Gravy


ব'নলেচ চিকেন উইথ ফ্রাইড অ'নিয়ন গ্রেভি

সামগ্রী -
ব'নলেচ চিকেন ৫০০ গ্রাম
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ 
নিমখ সোৱাদ অনুযায়ী
বাটাৰ ১ টেবুল চামুচ
তেল প্ৰয়োজন মতে
হালধি জোখ মতে
কাজুবাদাম ৮ -১০
পিয়াঁজ চাৰিটা
বিলাহী দুটা

প্ৰস্তুত প্রনালী ---  মাংস খিনি ভালদৰে ধুই জালুকৰ গুৰি আৰু চিকেন মচলা সানি একাষে থৈ দিয়ক। পিয়াঁজ আৰু বিলাহী দুটা সৰু সৰুকৈ কুটি লব। বাটাৰ চামুচত পিয়াঁজ খিনি ৰঙচুৱাকৈ ভাজি তাত কাজু আৰু বিলাহী খিনি দি আকৌ দুই মিনিট মান সময় ভাজি মিক্সিত পিহি লব। কেৰাহীত জোখ মতে তেল দি মাংস খিনি আধা ভজা কৰি তুলি থৈ সেই তেলতে আদা নহৰু বটা আৰু বাকী মচলা বোৰ ভাজিব। নিমখ হালধি আৰু পিয়াঁজৰ পিউৰি দি ভজা মাংস খিনিও দিব। ভালদৰে ভজা হলে এগিলাচ মান পানী দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে গৰম মচলা দি নমাই থব। ভাত বা নান্ ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 





Tuesday, 26 May 2020

Watermelon Rind Kofta Curry



তৰমুজৰ বাকলিৰ কোফ্তা কাৰী

সামগ্রী -
(১) কোফ্তা বনাবৰ বাবে--
তৰমুজৰ বাকলি এবাতি
বেচন ২ টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ 
নিমখ আধা চামুচ
ধনীয়া পাত এমুঠি

(২) কাৰী বনাবৰ বাবে-
ধনীয়া গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
গৰম মচলা আধা চামুচ
কাৰী মচলা আধা চামুচ
নহৰু বটা আধা চামুচ
আদা বটা আধা চামুচ
কাজু বটা এক চামুচ 
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
পিয়াঁজ তিনিটা
বিলাহী দুটা

প্ৰস্তুত প্রনালী ---   (১) তৰমুজৰ বাকলিৰ সেউজীয়া তৰপটো কাটি পেলাই দি বগা অংশ খিনি ৰুকি হাতৰ মুঠিত লৈ ৰস বোৰ চেপি একাষে থৈ দিয়ক। ৰোকা বাকলি খিনিত বেচন আৰু বাকী সামগ্রী মিহলাই সানি লৈ লাড়ু বনাই গৰম তেলত মধ্যেমীয়া জুইত ভাজি তুলি থব। 
(২) পিয়াঁজ আৰু বিলাহী দুটা সিজাই মিক্সিত পিহি লওঁক। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা খিনি অলপ ভাজি পিয়াঁজ বিলাহী আৰু কাজু বটা খিনি ভাজিব। ভালদৰে ভজা হলে গৰম মচলাৰ বাহিৰে বাকী সকলো মচলা আৰু নিমখ হালধি দি আকৌ অলপ ভাজি একাপ পানী আৰু বাকলিৰ ৰস খিনি দি উতলিব দিব।আঞ্জাখন উতলি ঘন হৈ আহিলে ভজা কোফ্তা কেইটা আৰু গৰম মচলা দি এক মিনিট মান সময় পিছত কেৰাহীটো জুইৰ পৰা নমাই থব। ভাত বা ৰুটি লুচিৰ লগত গৰমে গৰমে খাবলৈ খুবেই জুতি লগা হয়। 







Tuesday, 19 May 2020

Wheat Flour / Aata Idli Cake

আটাৰ ইডলি কেক 

সামগ্রী -
আটা এক কাপ
চেনি ১/২ কাপ
দৈ ১/৪ কাপ
নিমখ এচিকুট
গাখীৰ ১/২ কাপ
পিঠা গুৰি ১/৪ কাপ
ৰিফাইন তেল ১/৪ কাপ
ভেনিলা এচেন্স এচামুচ
বেকিং পাউদাৰ ১/২ চামুচ

প্ৰস্তুত প্রনালী ---  কেৰাহী এটাত একাপ নিমখ বহলাই দি ওপৰত এডাল স্টেন্ড বা স্টিলৰ প্লেট এখন ৰাখি ঢাকোন লগাই বেছি তাপত দহ মিনিট প্রিহিট হব দিব। ইডলি স্টেন্ড অথবা সৰু সৰু বাতি কেইটামানত তেল সানি একাষে থৈ দিয়ক। চেনি খিনি মিক্সিত গুৰি কৰি লব। আটা, পিঠা গুৰি আৰু বেকিং পাউদাৰ একেলগে চালি লওঁক। বহল বাচন এটাত চেনি আৰু জুলীয়া সামগ্রী বোৰ লগলগাই ফেটি লৈ তাত আটাৰ মিশ্রণ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই লৈ ইডলি স্টেন্ড বা বাতিত ঢালি দি কেৰাহীত বহাই ঢাকোন লগাই ১৫ - ২০ মিনিট সময় বেক কৰিব। কেক কেইটা চাহ কফিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 


Monday, 18 May 2020

Masala Potato Stuffed Suji Breakfast


মচলা আলু স্টাফড চুজি ব্রেকফাষ্ট 

সামগ্রী -
স্টাফিং বনাবৰ বাবে-
সিজোৱা আলু এবাতি
জালুকৰ গুৰি ১/৪ চামুচ
কুটি লোৱা পিয়াঁজ আধা কাপ
কেচা জলকীয়া ১ টেবুল চামুচ
ধনীয়া পুদিনা পাত অলপ
ধনীয়া গুৰি আধা চামুচ
নহৰু বটা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস এচামুচ 

চুজিৰ পেনকেক বনাবৰ বাবে-
চুজি এক কাপ
চেনি ১ চামুচ
দৈ আধা কাপ
গাখীৰ আধা কাপ
নিমখ আধা চামুচ
বাটাৰ ১ টেবুল চামুচ
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী ---   (১) চুজিৰ পেনকেক বনোৱাৰ আধা ঘণ্টা আগতে মিশ্রণটো তৈয়াৰ কৰি ফুলি নৰম হবলৈ থৈ দিব লাগিব। চুজিৰ লগত সকলো সামগ্রী লগলগাই লৈ অলপ লৰচৰ কৰি ঢাকি থৈ দিয়ক। 
(২) মচলা আলু বনাবলৈ কেৰাহীত জোখ মতে তেল দি পিয়াঁজ খিনি সামান্য ভাজি লৈ জলকীয়া আৰু মচলা ভাজি আলু খিনি এক মিনিট মান সময় ভাজিব। নিমখ, নেমুৰ ৰস আৰু ধনীয়া পুদিনা পাত দি নমাই থব। 
(৩) চুজিৰ মিশ্ৰণটো বেছি ঘন হৈছে যদি দুচামুচ মান পানী বা গাখীৰ দি অলপ ফেটি লব। ফ্রাই পেন এখনত দুচামুচ মান তেল দি এক হেতা চুজিৰ মিশ্রন দি লগেলগেই মচলা আলু দি ওপৰত আকৌ এক হেতা চুজিৰ মিশ্রন দি লুটিয়াই ভাজিব। বাকী বোৰো এনেদৰে ভাজি চছ চাটনিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 


Sunday, 17 May 2020

Tamarind/ Imli Black Pepper Chicken Curry



তেতেলি জালুকেৰে কুকুৰাৰ মাংসৰ জালুকীয়া  

সামগ্রী -
কুকুৰাৰ মাংস ৭৫০ গ্ৰাম
জালুকৰ গুৰি এক চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি এক চামুচ
জিৰা গুৰি আধা চামুচ
তেতেলিৰ ৰস দুচামুচ
ৰোকা নাৰিকল দুচামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
তেল হালধি জোখ মতে
নিমখ সোৱাদ অনুযায়ী
গুড় আধা চামুচ
পিয়াঁজ চাৰিটা
বিলাহী দুটা

প্ৰস্তুত প্রনালী ---    মাংস খিনি ধুই জালুকৰ গুৰি আৰু চিকেন মচলা সানি একাষে থৈ দিয়ক। পিয়াঁজ আৰু বিলাহী দুটা সিজাই ৰোকা নাৰিকলৰ সৈতে মিক্সিত পিহি লব। তেতেলিৰ ৰসত গুড় খিনি গলিবলৈ দি থব। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা আৰু গৰম মচলাৰ বাহিৰে বাকী গুৰি মচলা বোৰ ভাজি নিমখ হালধি দি পিয়াঁজ বিলাহী খিনি ভাজিব। মচলাৰ ভজা গোন্ধ ওলালে মাংস খিনি দি ভালদৰে ভাজি প্ৰয়োজন মতে পানী দি ঢাকোন লগাই সিজিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে তেতেলিৰ ৰস আৰু গৰম মচলা দি এক মিনিট মান সময় পিছত কেৰাহীটো জুইৰ পৰা নমাই আনি ভাত বা ৰুটি লুচিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 







Caramel Flavored Glass Cake In Fry Pan


কেৰামেল ফ্লেভার্ড গ্লাচ কেক ইন ফ্রাই পেন

সামগ্রী -
(১) চেনি ১/২ কাপ
বাটাৰ ১/৪ কাপ
ক্ৰিম দুচামুচ
পানী ১/৪ কাপ
নিমখ এচিকুট
(২) কেক বনাবৰ বাবে-
ময়দা এক কাপ 
মৌ দুই চামুচ
কনী দুটা
ভেনিলা এচেন্স এক চামুচ
ৰিফাইন তেল ২ টেবুল চামুচ
বেকিং পাউদাৰ এক চামুচ
পেপাৰ গিলাচ কেইটামান

প্ৰস্তুত প্রনালী ---  (১) চছপেন এটাত পানীৰে সৈতে চেনি খিনি গলিবলৈ দিব। চেনি গলি অলপ ৰঙচুৱা হলে বাটাৰ, নিমখ আৰু ক্ৰিম খিনি দি এক মিনিট মান সময় একেৰাহে লৰাই নমাই আনি ঠান্ডা হবলৈ দিব। 
(২) গিলাচ কেইটাত তেল সানি একাষে থৈ দিয়ক। ফ্রাই পেন এখনত একাপ নিমখ বহলাই দি ওপৰত স্টেন্ড এডাল বা স্টিলৰ প্লেট এখন ৰাখি ঢাকোন লগাই দহ মিনিট বেছি তাপত প্রিহিট হব দিব। কনী দুটা ফেটি লব। এতিয়া বহল বাচন এটাত ময়দা আৰু বেকিং পাউদাৰ চালি লৈ তাত তেল, মৌ,ভেনিলা, কনী আৰু কেৰামেল খিনি দি ভালদৰে মিহলাই গিলাচ কেইটাত ঢালি পেন খনত বহাই দি ঢাকোন লগাই দিব। মধ্যেমীয়া জুইত ১৫ -২০ মিনিট মান সময় বেক কৰিব। ঠান্ডা হলে গিলাচৰ পৰা উলিয়াই কেক কেইটা চাহ বা কফিৰ লগত পৰিবেশন কৰিব। 

Saturday, 16 May 2020

Maida Frosting Eggless Chocolate Cake ( Lock- Down Time Recipe)


ময়দা ফ্রস্টিং এগলেচ চকলেট কেক (লকডাউন টাইম ৰেচিপি ) 

সামগ্রী -
(১) কেক বনাবৰ বাবে--
ময়দা এক কাপ
কোকো পাউদাৰ ১/৪ কাপ
ভেনিলা এচেন্স এচামুচ 
বেকিং পাউদাৰ এচামুচ
বেকিং চ'ডা আধা চামুচ
ৰিফাইন তেল আধা কাপ
চেনি আধা কাপ
নিমখ এচিকুট
দৈ আধা কাপ
(২) ময়দা  ফ্রস্টিং বনাবৰ বাবে--
ময়দা ৪ টেবুল চামুচ
ভেনিলা এচেন্স এচামুচ
পিঙ্ক ফুড কালাৰ দুটোপ
বাটাৰ ২০০ গ্ৰাম
গাখীৰ ডেৰ কাপ
চেনি এক কাপ

প্ৰস্তুত প্রনালী ---  (১) কেক টিন এটাত বাটাৰ পেপাৰ বা বগা পেপাৰ পাৰি তেল সানি ময়দা ছটিয়াই একাষে থৈ দিয়ক। ময়দাৰ লগত শুকান সামগ্রী বোৰ লগলগাই চালি লওঁক। চেনি খিনি মিক্সিত গুৰি কৰি লব। বহল বাচন এটাত দৈ খিনি ফেটি লৈ তাত চেনি, তেল আৰু ভেনিলা এচেন্স দি আকৌ অলপ ফেটি ময়দাৰ মিশ্রনটো অলপ অলপকৈ দি ভালদৰে মিহলাই কেক টিনটোত ঢালি প্রিহিট অভেনত ১৮০ ডিগ্রীত ৪০-৪৫ মিনিট সময় বেক কৰিব। কুকাৰ বা কেৰাহীত বহালে কম মধ্যেমীয়া জুইত বহাব। কেকটো ঠান্ডা হলে পঠালিকৈ মাজেৰে কাটি চেনিপানী বা গাখীৰ ছটিয়াই ফ্রস্টিং লগাব। 
(২)  ফ্রস্টিং বনোৱাৰ আধা ঘণ্টা আগতে বাটাৰ খিনি ফ্রিজৰ পৰা উলিয়াই থব।ননস্টিক কেৰাহী এটাত গাখীৰ,চেনি আৰু ময়দা খিনি মিহলাই লৈ গৰম হবলৈ দি একেৰাহে লৰাই অলপ ঘন (কাস্টার্ড) হলে নমাই আনি বাতি এটাত ঢালি প্লাস্টিক ৰেপেৰে ঢাকি একাষে থৈ দিয়ক। বাটাৰ খিনিত ভেনিলা এচেন্স দি ১০-১৫ মিনিট মান সময় ফেটি লব। ক্রিমৰ নিচিনা হলে বাটাৰ খিনিত ময়দাৰ মিশ্রনটো এচামুচ এচামুচকৈ দি ভালদৰে ফেটি ফুড কালাৰ মিহলাই লব। কেকটোত ময়দাৰ ফ্রস্টিং লগাই সুন্দৰকৈ সজাই পৰিবেশন কৰিব। 





Friday, 15 May 2020

Pressure Cooker Masala Pulao



 প্রেচাৰ কুকাৰ মচলা পোলাও

সামগ্রী -
জহা চাউল ২ কাপ
ঘিউ ২ টেবুল চামুচ 
পোলাও মচলা আধা চামুচ
জালুকৰ গুৰি আধা চামুচ 
ধনীয়া গুৰি আধা চামুচ
কচুৰি মিথি আধা চামুচ
ফুড কালাৰ দুটোপাল 
শুকান জলকীয়া দুটা
ড্রাই ফ্রুটচ আধা কাপ
নিমখ আধা চামুচ
স্টাৰ এনিজ তিনিটা
ডালচেনি এটুকুৰা
ইলাচি ৭ - ৮ টা
লং ৮ - ১০ টা

প্ৰস্তুত প্রনালী ---   জহা চাউল খিনি ধুই  দলা এখনত বহলাই দিব যাতে অলপ জৰজৰীয়া হয়। প্রেচাৰ কুকাৰ এটাত ঘিউ খিনি গৰম হবলৈ দি জলকীয়া আৰু গৰম মচলা বোৰ দি চাউল খিনি বহাই দি লৰাই দিয়ক। ফুড কালাৰৰ বাহিৰে বাকী সকলো সামগ্রী দি ভালদৰে ভাজি জোখ মতে পানী দি ঢাকোন লগাই এটা বা দুটা হুইছেল দিলে নমাই ঠান্ডা হবলৈ দিয়ক। এতিয়া কুকাৰৰ ঢাকোন খুলি পোলাও খিনিত নিজৰ পছন্দৰ ফুড কালাৰ দি লাহে লাহে মিহলাই মাংস বা পনিৰৰ আঞ্জাৰ লগত পৰিবেশন কৰিব। 




Thursday, 14 May 2020

Star Anise Flavored Oats Laddu



স্টাৰ এনিজ ফ্লেভার্ড ওটচ লাড্ডু

সামগ্রী -
ওটচ ২ কাপ
আটা ১ কাপ
চেনি ডেৰ কাপ
ইলাচি ৫-৬ টা
কাজু বাদাম ১৫ টা
স্টাৰ এনিজ দুটা
ঘিউ বা তেল একাপ

প্ৰস্তুত প্রনালী ---  আটা খিনি একো নিদিয়াকৈ সুদা কেৰাহীত ফহফহীয়া হোৱাকৈ কম জুইত ভাজি একাষে থৈ দিয়ক। এনেদৰে ওটচ খিনিও ভাজি গুৰি কৰি লওঁক। স্টাৰ এনিজ,ইলাচি আৰু কাজু কেইটা শুকানে ভাজি মিক্সিত গুৰি কৰি লব, লগতে চেনি খিনিও গুৰি কৰিব। এতিয়া বহল বাচন এটাত আটাইবোৰ গুৰি সামগ্রী লগলগাই ঘিউ বা তেলেৰে অথবা আধা ঘিউ আধা তেলেৰে ভালদৰে সানি লাড়ু কেইটা  বান্ধি লব। আইনাৰ বৈয়ামত ভৰাই থৈ এক ডেৰ মাহলৈ খাই থাকিব পাৰি। 
 

Chicken Chapli Kabab


চিকেন  ছাপ্লি কাবাব

সামগ্রী -
ব'নলেচ চিকেন ৩৫০ গ্ৰাম
ব্রেড ক্রাম্ব/বিস্কুটৰ গুৰি একাপ
বুতৰ বেচন ২ টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
চাট মচলা আধা চামুচ 
নিমখ সোৱাদ অনুযায়ী
ধনীয়া,পুদিনা পাত এমুঠি
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
কেচা জলকীয়া তিনিটা
কেপচিকাম আধা ফাল
পিয়াঁজ দুটা, বিলাহী এটা
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী ---  চিকেন খিনি জলকীয়াৰ সৈতে মিক্সিত অলপ পিহি লওঁক। পাচলি কেইবিধ মিহিকৈ কুটি লব। কাবাব ভাজিবলৈ কেৰাহীত জোখ মতে তেল দি গৰম হবলৈ দিয়ক। বহল বাচন এটাত চিকেন খিনি লৈ তাত সকলো সামগ্রী লগলগাই ভালদৰে সানি লৈ নিজৰ পছন্দৰ আকাৰ দি কাবাব কেইটা ব্রেড ক্রাম্ব অথবা কাটা বিস্কুটৰ গুৰিত লেটিয়াই কম মধ্যেমীয়া জুইত ভাজি চছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব। 



Wednesday, 13 May 2020

Watermelon Jelly Stuffed Rice Flour Dessert


ৱাটাৰমেলন জেলি স্টাফড ৰাইচ ফ্লাৰ ডেজার্ট 

সামগ্রী -
(১) জেলি বনাবৰ বাবে-
তৰমুজৰ ৰস এক গিলাচ
চেনি ১ টেবুল চামুচ
জিলেটিন ২ চামুচ
নেমুৰ ৰস এক চামুচ 
ডালচেনিৰ গুৰি এচিকুট
নিমখ এচিকুট

(২) পিঠা গুৰিৰ ৰুটি বনাবৰ বাবে-
পাউদাৰ গাখীৰ আধা কাপ
 গ্রিন ফুড কালাৰ দুটোপাল মান
কন্ডেন্স মিল্ক এক কাপ
পিঠা গুৰি এক কাপ
গৰম পানী ডেৰ কাপ
ঘিউ ২ টেবুল চামুচ
ইলাচি গুৰি এচিকুট
নিমখ এচিকুট

প্ৰস্তুত প্রনালী ---   (১) তৰমুজৰ ৰস খিনি গৰম হবলৈ দি জিলেটিনৰ বাহিৰে বাকী সকলো সামগ্রী দি উতলিব দিয়ক। এক উতল আহিলে জিলেটিন খিনি দি একেৰাহে লৰাই জিলেটিন গলিলে নমাই আনি আকৌ ৩০ ছেকেণ্ড মান লৰাই আধা ৰস প্লেট এখনত আৰু আধা সৰু সৰু মল্ডত ভৰাই এঘন্টা  ফ্রিজত থৈ দিয়ক। 
(২) গৰম পানী খিনি পিঠা গুৰিত ঢালি দি অলপ লৰচৰ কৰি ২০ মিনিট সময় ঢাকি থৈ দিয়ক। তাৰ পাছত ৫ মিনিট মান সময় মথি লব। ননস্টিক কেৰাহী এটাত ঘিউ খিনি গৰম হবলৈ দি মথি লোৱা পিঠা গুৰি খিনি দিব, লগতে ফুড কালাৰৰ বাহিৰে বাকী সকলো সামগ্রী দি দহ বাৰ মিনিট মান সময় কম জুইত একেৰাহে লৰাই থাকিব। মিশ্রনটো কেৰাহীৰ পৰা এৰাই আহিলে ফুড কালাৰ দি ভালদৰে মিহলাই নমাই আনি অলপ ঠান্ডা হলে দুটা লাড়ু কৰি লব। এতিয়া প্লেটৰ জেলি খিনি উলিয়াই আনি দিঘলীয়াকৈ কাটি লব। কাহী এখনৰ ওলোটা ফালে ঘিউ সানি লাড়ু এটা পাতলকৈ বেলি লৈ মাজত জেলিৰ টুকুৰা দি লাহে লাহে ৰোল কৰি দহ মিনিট মান সময়  ফ্রিজত থৈ টুকুৰা কৰি কাটি লব। সৰু মল্ডত থোৱা জেলিৰে সুন্দৰকৈ সজাই পৰিবেশন কৰিব। 

Tuesday, 12 May 2020

Chicken Pizza Without Cheese, Yeast & Oven (Lock-Down Time Recipe)


ছিজ, ইস্ট আৰু অভেন নোহোৱাকৈ বনোৱা চিকেন  পিজ্জা (লকডাউন টাইম ৰেচিপি) 

সামগ্রী -
(১) পিজ্জা বেচ (Base) বনাবৰ বাবে-
ময়দা এক কাপ
বেকিং পাউদাৰ ১/২চামুচ
বেকিং চ'ডা ১/৪ চামুচ
ৰিফাইন তেল দুচামুচ
গাখীৰ দুচামুচ মান
নিমখ ১/৪ চামুচ
বাটাৰ দুচামুচ
দৈ ১ /৪ কাপ
চেনি এচামুচ

(২) হোৱাইট চছ ( Bechamel Sauce) --
বাটাৰ ২ টেবুল চামুচ
ময়দা ১ টেবুল চামুচ
পানী ২ টেবুল চামুচ
গাখীৰ আধা কাপ

(৩) পিজ্জা টপিং বনাবৰ বাবে-
সেউজীয়া কেপচিকাম আধা ফাল
পকা বিলাহী, পিয়াঁজ এটাকৈ
ব'নলেচ চিকেন ১০০ গ্রাম 
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি অথবা
ছিলি ফ্লেক্স আধা চামুচ
গৰম মচলা ১/৪ চামুচ
ধনীয়া গুৰি ১/৪ চামুচ
টমেটো চছ ২ চাহ চামুচ
অৰেগেনো ১/২ চামুচ বা
কচুৰি মিথি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী

প্ৰস্তুত প্রনালী ---  (১) ময়দা খিনিৰ লগত বাকী সকলো সামগ্রী লগলগাই নৰমকৈ দহ মিনিট মান মথি ঢাকনি বা কাপোৰেৰে ভালদৰে ঢাকি এঘন্টা থৈ দিয়ক। 
(২) বাটাৰ খিনিত ময়দা চামুচ দুই মিনিট মান সময় ভাজি গাখীৰ আৰু পানী দি একেৰাহে লৰাই অলপ ঘন হলে নমাই আনি একাষে থৈ দিয়ক। 
(৩) পাচলি কেইবিধ দিঘলীয়াকৈ কাটি লব। চিকেন খিনি সৰু সৰু টুকুৰা কৰি কাটি নিমখ আৰু গুৰি মচলা বোৰ সানি লৈ সামান্য তেলত ভাজি একাষে থৈ দিয়ক। কচুৰি মিথি আৰু জলকীয়া গুৰি খিনি চিকেনত দিব নেলাগে। 
(৪) বহল কেৰাহী এটাত একাপ নিমখ বহলাই দি ওপৰত এডাল স্টেন্ড বা স্টিলৰ প্লেট এখন ৰাখি ঢাকোন লগাই দহ মিনিট সময় মধ্যেমীয়া জুইত প্রিহিট হব দিব। ময়দা খিনি আকৌ অলপ মথি ৰুটি বেলাতকৈ অলপ ডাঠকৈ বেলি কাহি এখনত পাৰি দি টমেটো চছ খিনি বহলাই দিব। তাৰ ওপৰত হোৱাইট চছৰ আধা দি চিকেন আৰু পাচলিৰ টুকুৰা দি জলকীয়া গুৰি আৰু কচুৰি মিথি ছটিয়াই দি ওপৰত বাকী আধা চছ দি কাহি খন কেৰাহীত বহাই দিব। ঢাকোন লগাই মধ্যেমীয়া জুইত ১০ - ১২ মিনিট বা কম মধ্যেমীয়া জুইত ১৫ -২০ মিনিট সময় বেক কৰি পিজ্জাটো কাটি গৰমে গৰমে পৰিবেশন কৰিব। 




Friday, 8 May 2020

Marie Biscuit Custard Pudding With Fresh Watermelon


মেৰী বিস্কুট কাস্টার্ড পুডিং উইথ ফ্রেচ ৱাটাৰমেলন  

সামগ্রী - 
কাস্টার্ড পাউদাৰ এক টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
ভেনিলা এচেন্স এচামুচ
তৰমুজৰ টুকুৰা এবাতি
মেৰী বিস্কুট ৬ খন
চেনি ১ টেবুল চামুচ
গাখীৰ ৩ কাপ

প্ৰস্তুত প্রনালী ---  আধা কাপ গাখীৰত কাস্টার্ড পাউদাৰ খিনি গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দি চেনি, বাটাৰ আৰু মেৰী বিস্কুট কেইখন দি একেৰাহে লৰাই ভালদৰে গলি গলে ভেনিলা এচেন্স আৰু কাস্টার্ড পাউদাৰ খিনি দি এক মিনিট মান সময় লৰাই নমাই আনি আকৌ ৩০ ছেকেণ্ড মান একেৰাহে লৰাই ঠান্ডা হবলৈ দিব। চাৰিটা গিলাচ বা বাতিত প্রথমে তৰমুজৰ টুকুৰা দি ওপৰত কাস্টার্ড ৰাখি আকৌ তৰমুজৰ টুকুৰা দি সুন্দৰকৈ সজাই পৰিবেশন কৰিব। 


Milk Powder Rasogolla


মিল্ক পাউডাৰ ৰসগোল্লা

সামগ্রী -
 পাউডাৰ গাখীৰ ৩০০ গ্ৰাম
পানী এক লিটাৰ
নেমুৰ ৰস ২ টেবুল চামুচ
বা ভিনেগাৰ ৩ টেবুল চামুচ
চেনিৰ ৰসৰ বাবে --
চেনি দুই কাপ
পানী চাৰি কাপ
ইলাচি ৪- ৫ টা

প্ৰস্তুত প্রনালী ---  পানী লিটাৰত পাউদাৰ গাখীৰ খিনি ভালদৰে মিহলাই গৰম হবলৈ দিয়ক। একেৰাহে লৰাই থাকি উতল অহাৰ আগতে জুই বন্ধ কৰি নেমুৰ ৰস দি গাখীৰ খিনি ফটাই লব। চানা খিনি ভালকৈ পানী চেপি লৈ দহ মিনিট মান সময় ঢিলা হাতেৰে মথি লাড়ু বনাই লব। চেনিৰ ৰসৰ বাবে পানী কেইকাপ উতলিব দি চেনি আৰু ইলাচি কেইটা দি লৰাই দিব। 

Thursday, 7 May 2020

Quick & Easy Bread Rasmalai Recipe


কুইক এন্ড ইজি ব্রেড ৰসমলাই ৰেচিপি

সামগ্রী -
(১) মলাই বনাবৰ বাবে-
পাউদাৰ গাখীৰ আধা কাপ
চেনি ২ টেবুল চামুচ
ইলাচি গুৰি এচিকুট
গাখীৰ ১ কাপ
ঘিউ ১ চামুচ
(২) ব্রেড ৰসমলাই বনাবৰ বাবে-
ময়দাৰ ব্রেড ৭-৮ খন 
ড্রাই ফ্রুটচৰ টুকুৰা দুচামুচ মান
চেনি ১ টেবুল চামুচ
গাখীৰ আধা কাপ

প্ৰস্তুত প্রনালী ---  (১) মধ্যেমীয়া জুইত ননস্টিক কেৰাহী এটাত ঘিউ খিনি গলিবলৈ দি গাখীৰ আৰু বাকী সামগ্রী দি একেৰাহে লৰাই উতলিব দিব। অলপ ঘন হলে মলাই খিনি নমাই থব। 
(২) গাখীৰ খিনিত চেনি চামুচ গুলি লওঁক। ব্রেড কেইখনৰ কাষ বোৰ কাটি পেলাই এখন এখনকৈ গাখীৰত সামান্য তিয়াই লৈ মাজত ড্রাই ফ্রুটচৰ টুকুৰা দি লাড়ু বনাই অলপ চেপেটা কৰি ৰসমলাই কেইটা তৈয়াৰ কৰি প্লেটত ৰাখি ওপৰত মলাই খিনি ঢালি দি দহ মিনিট মান সময় পিছত পৰিবেশন কৰিব পাৰিব। 

Wednesday, 6 May 2020

Caramel Rice Flour Pudding


পিঠাগুৰিৰ কেৰামেল পুডিং 

সামগ্রী -
(১) কেৰামেল বনাবৰ বাবে-
চেনি ৪ টেবুল চামুচ
পানী ২ টেবুল চামুচ
(২) পিঠাগুৰিৰ  কাস্টার্ড বনাবৰ বাবে-
পিঠাগুৰি ৩ টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
ভেনিলা এচেন্স এচামুচ
চেনি ৩ টেবুল চামুচ
গাখীৰ ৩ কাপ
নিমখ এচিকুট
কনী দুটা

প্ৰস্তুত প্রনালী ---  (১) চছপেন এটাত পানীৰ সৈতে চেনি খিনি মধ্যেমীয়া জুইত গলিবলৈ দিব। চেনি গলি ৰঙচুৱা হলে ভাপত বহাব পৰা বাচন এটাত কেৰামেল খিনি ঢালি একাষে থৈ দিয়ক। 
(২) আধা কাপ গাখীৰত পিঠাগুৰি খিনি গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দি লগেলগেই চেনি, বাটাৰ আৰু পিঠাগুৰি খিনি দি একেৰাহে লৰাই সামান্য ঘন হলে নমাই আনি আকৌ এক মিনিট মান সময় লৰাব। এতিয়া কনীৰ লগত নিমখ আৰু ভেনিলা এচেন্স দি অলপ ফেটি কাস্টার্ড খিনিত অলপ অলপকৈ দি একেৰাহে লৰাই কেৰামেল বাচনটোত ঢালি এলুমিনিয়াম পেপাৰেৰে ঢাকি ৩০ -৩৫ মিনিট সময় ভাপত দিব। তাৰ পিছত নমাই আনি অলপ ঠান্ডা হলে ফ্রিজত ৩-৪ ঘন্টা থৈ উলিয়াই আনি প্লেট এখনত ওলোটাই দি কাটি পৰিবেশন কৰিব। 

Monday, 4 May 2020

Fish Egg Cutlet


মাছৰ কনীৰ কাটলেট

সামগ্রী -
মাছৰ কনী এবাতি
জালুকৰ গুৰি ১/২ চামুচ
কিটছেন কিং মচলা ১/২ চামুচ
আদা নহৰু বটা এক চামুচ
কচুৰি মিথি ১/২ চামুচ
ধনীয়া গুৰি ১/২ চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
ধনীয়া পাত অলপ
নেমুৰ ৰস দুচামুচ
বেচন ২ চামুচ
জলকীয়া দুটা
পিয়াঁজ দুটা

প্ৰস্তুত প্রনালী ---  মাছৰ কনী খিনি বেচনৰ লগত অলপ পিটিকি লওঁক। জলকীয়া আৰু পিয়াঁজ দুটা সৰু সৰুকৈ কুটি লব। বহল বাচন এটাত মাছৰ কনীৰ লগত বাকী সকলো সামগ্রী লগলগাই ভালদৰে সানি লৈ নিজৰ পছন্দৰ আকাৰ দি কাটলেট কেইটা ভাজি লব। যিকোনো চছ চাটনিৰ লগত গৰমে গৰমে পৰিবেশন কৰক। 

Eggless Milk Bread In Pressure Cooker (No Yeast)


এগলেচ মিল্ক ব্রেড ইন প্রেচাৰ কুকাৰ (ন' ইস্ট) 

সামগ্রী -
ময়দা ২ কাপ
গাখীৰ ১ কাপ
নিমখ ১/২ চামুচ
চেনি ২ টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
বেকিং চ'ডা ১/২ চামুচ
বেকিং পাউদাৰ ১ চামুচ
ৰিফাইন তেল ২ টেবুল চামুচ
পাউদাৰ গাখীৰ ২ টেবুল চামুচ

প্ৰস্তুত প্রনালী ---  গাখীৰ খিনি কুহুমীয়া গৰম কৰি বহল বাচন এটাত লৈ চেনি, পাউদাৰ গাখীৰ, তেল আৰু বাটাৰ খিনি দি অলপ ফেটি লৈ তাত বাকী সকলো সামগ্রী লগলগাই লৈ দহ মিনিট মান সময় মথি অলপ তেল সানি ভালদৰে ঢাকি এক ডেৰ ঘন্টা থৈ দিয়ক। লুচিৰ ময়দাতকৈ বহু বেছি নৰমকৈ মথিব লাগিব। ব্রেড টিন এটাত তেল সানি একাষে থৈ দিব। এক ডেৰ ঘন্টাৰ পিছত ময়দা খিনি ৫ মিনিট মান সময় মথি ব্রেড টিনটোত ৰাখি আকৌ ৩০ মিনিট সময় ঢাকি থৈ দিব। কুকাৰ এটাত একাপ নিমখ বহলাই দি ওপৰত স্টেন্ড এডাল বা স্টিলৰ বাতি এটা ৰাখি বেছি জুইত দহ মিনিট সময় প্রিহিট হব দিব। ঢাকোন লগোৱাৰ আগতে হুইছেল আৰু ৰবৰ ডাল খুলি থব। ব্রেড টিনটোৰ ঢাকনি গুচাই ময়দা খিনিত অলপ গাখীৰ ব্রাচ্ কৰি কুকাৰত বহাই ঢাকোন লগাই কম মধ্যেমীয়া জুইত ২৫ -৩০ মিনিট সময় বেক কৰিব। ব্রেডটো নমাই লগেলগেই বাটাৰ ব্রাচ্ কৰিব। অলপ ঠান্ডা হলে কপাহী কাপোৰ এখন তিয়াই ভালদৰে পানী চেপি লৈ ব্রেডটো মেৰিয়াই ৩০ মিনিট সময় থৈ দিয়ক। তাৰ পাছত টুকুৰা কৰি কাটি পৰিবেশন কৰিব। 

Suji Chocolate Cake In Pressure Cooker


চুজি চকলেট কেক ইন প্রেচাৰ কুকাৰ 

সামগ্রী -
চুজি এক কাপ
চেনি ১/২ কাপ
দৈ ১/২ কাপ
গাখীৰ ১/২ কাপ
নিমখ ১/৪ চামুচ
ৰিফাইন তেল ১/৪ কাপ
কোকো পাউদাৰ ১/৪ কাপ
বেকিং পাউদাৰ এক চামুচ

প্ৰস্তুত প্রনালী ---  কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি একাষে থৈ দিয়ক। কুকাৰ এটাত একাপ নিমখ বহলাই দি ওপৰত এডাল স্টেন্ড বা স্টিলৰ বাতি এটা ৰাখি বেছি জুইত দহ মিনিট প্রিহিট হব দিব। চুজি আৰু চেনি খিনি মিক্সিত মিহিকৈ গুৰি কৰি লৈ কোকো আৰু বেকিং পাউদাৰৰ লগত একেলগে চালি লব। বহল বাচন এটাত জুলীয়া সামগ্রী বোৰ লগলগাই ফেটি লৈ তাত চুজিৰ মিশ্রণ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই কেক টিনটোত ঢালি দি কুকাৰত বহাই দিব। হুইছেল আৰু ৰবৰ ডাল খুলি থৈ ঢাকনি খন লগাই দি কম মধ্যেমীয়া জুইত ২৫ - ৩০ মিনিট সময় বেক কৰিব। কেকটো ঠান্ডা হলে কাটি পৰিবেশন কৰিব। ইচ্ছা কৰিলে আইচিং কৰিবও পাৰে। 



Friday, 1 May 2020

Rice Flour Cake


পিঠা গুৰিৰ কেক 

সামগ্রী -
পিঠা গুৰি এক কাপ
আটা আধা কাপ 
বেকিং পাউদাৰ এচামুচ
বেকিং চ'ডা আধা চামুচ
ভেনিলা এচেন্স এচামুচ
ৰিফাইন তেল আধা কাপ
পাউদাৰ চেনি ৩/৪ কাপ
গাখীৰ আধা কাপ
কনী তিনিটা
নিমখ এচিকুট

প্ৰস্তুত প্রনালী ---  কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি আটা ছটিয়াই একাষে থৈ দিয়ক। পিঠা গুৰিৰ লগত বাকী শুকান সামগ্রী বোৰ লগলগাই চালি লব। কনী কেইটা ভাঙি কুহুম কেইটা এটা বাতিত থৈ দিব আৰু বগা খিনি ৩০ ছেকেণ্ড ফেটি দুচামুচ মান চেনি দি আকৌ ৫ মিনিট মান সময় ফেটি একাষে থৈ দিব। বহল বাচন এটাত কুহুম কেইটা ফেটি লৈ তাত জুলীয়া সামগ্রী বোৰ লগলগাই আকৌ অলপ ফেটি পিঠা গুৰিৰ মিশ্রণ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই লব। এতিয়া কনীৰ বগা খিনি দি লাহে লাহে মিহলাই কেক টিনটোত ঢালি দি প্রিহিট অভেনত ১৮০ ডিগ্রীত ৪০ -৪৫ মিনিট সময় বেক কৰিব। কেৰাহীত বহালে ঢাকোন লগাই ১৫ মিনিট আগতে মধ্যেমীয়া জুইত প্রিহিট হব দিব। কেকটো ঠান্ডা হলে কাটি পৰিবেশন কৰিব। ইচ্ছা কৰিলে আইচিং কৰিবও পাৰে। 

Bread & Milk Malai Roll


ব্রেড এন্ড মিল্ক মলাই ৰোল

সামগ্রী -
(১) মলাই বনাবৰ বাবে --
পাউদাৰ গাখীৰ ১/২ কাপ
কন্ডেন্স মিল্ক ১/৪ কাপ 
ইলাচি গুৰি আধা চামুচ
গাখীৰ এক লিটাৰ
(২) পুৰ (স্টাফিং) বনাবৰ বাবে--
পাউদাৰ গাখীৰ ১/২ কাপ
চেনি ১ টেবুল চামুচ
ঘিউ ২ চাহ চামুচ
গাখীৰ ২ কাপ
নিমখ এচিকুট
(৩) ময়দাৰ  ব্রেড ৭ -৮ খন
সজাবলৈ দ্ৰাই ফ্রুটচ অলপ

প্ৰস্তুত প্রনালী ---  (১) মধ্যেমীয়া জুইত গাখীৰ লিটাৰ গৰম হবলৈ দি লগেলগেই বাকী খিনি সামগ্রী গাখীৰত দি একেৰাহে লৰাই প্ৰায় আধা মান হলে কেৰাহীটো নমাই একাষে থৈ দিয়ক। 
(২) ননস্টিক কেৰাহী এটাত ঘিউ খিনি গৰম হবলৈ দি গাখীৰ আৰু বাকী বোৰ সামগ্রী দি একেৰাহে লৰাই থাকিব। প্রথম দহ মিনিট মধ্যেমীয়া আৰু তাৰ পাছত কম জুইত বনাব লাগিব। কিছু সময় পিছত মিশ্রনটো কেৰাহীৰ পৰা এৰাই আহিলে নমাই ঠান্ডা হবলৈ দিব। 
(৩) ব্রেড কেইখনৰ কাষ বোৰ কাটি পেলাই পাতলকৈ বেলি লৈ মাজত গাখীৰৰ পুৰ দি ৰোল বনাই লব। ৰোল কেইটা প্লেটত ৰাখি ওপৰত মলাই ঢালি দি দ্ৰাই  ফ্রুটচৰ টুকুৰাৰে সজাই পৰিবেশন কৰিব। গৰমৰ দিনত কিছু সময় ফ্রিজত ৰাখি খাবলৈ খুবেই  তৃপ্তিদায়ক হয়। 


Thursday, 30 April 2020

Pomegranate Jelly Muffin With Orange Jelly Ball For Kids



পমগ্রেনেট জেলি মাফিন উইথ অৰেঞ্জ জেলি বল ফৰ কিডচ

সামগ্রী -
(১) ডালিমৰ জেলি বনাবৰ বাবে --
ডালিমৰ ৰস এক কাপ 
চেনি এক টেবুল চামুচ
জিলেটিন ডেৰ চামুচ
ডালচেনিৰ গুৰি এচিকুট
পানী আধা কাপ
নিমখ এচিকুট
(২) কমলা টেঙাৰ জেলি বনাবৰ বাবে --
কমলা টেঙাৰ ৰস আধা কাপ
চেনি এক চাহ চামুচ
জিলেটিন এক চামুচ
পানী ১/৪ কাপ
নিমখ এচিকুট

প্ৰস্তুত প্রনালী ---  (১) ডালিমৰ ৰস আৰু পানী খিনি গৰম হবলৈ দি চেনি, নিমখ আৰু ডালচেনিৰ গুৰি খিনি দিব। চেনি গলিলে জিলেটিন খিনি দি এক মিনিট মান সময় একেৰাহে লৰাই নমাই আনি আকৌ ৩০ ছেকেণ্ড মান লৰাই ৰস খিনি চাৰিটা মান কাপ কেক  মল্ডত ভৰাই অলপ ঠান্ডা হলে এঘন্টা ফ্রিজত থৈ দিয়ক। 
(২) কমলা টেঙাৰ জেলি খিনিও ডালিমৰ জেলি বনোৱাৰ পদ্ধতিৰে বনাই সৰু সৰু বল আকাৰ থকা চিলিকন মল্ডত ভৰাই আধা ঘণ্টা ফ্রিজত থৈ দিব। এক ডেৰ ঘন্টাৰ পিছত দুয়োবিধ জেলি ফ্রিজৰ পৰা উলিয়াই আনি সুন্দৰকৈ সজাই পৰিবেশন কৰিব। 

Golgappa / Pani Puri Recipe


গোলগাপ্পা/পানী পুৰি ৰেচিপি

সামগ্রী -
(১) পুৰি বনাবৰ বাবে --
চুজি এক কাপ 
নিমখ এচিকুট
গৰম পানী আধা কাপ
তেল প্ৰয়োজন মতে

(২) মচলা বনাবৰ বাবে --
সিজোৱা আলু দুটা
চাট মচলা আধা চামুচ
ভজা জিৰা গুৰি আধা চামুচ
জালুকৰ গুৰি আৰু নিমখ এচিকুট
ধনীয়া পুদিনা পাত অলপ
(৩) তেতেলি পানী বনাবৰ বাবে --
তেতেলিৰ ৰস ২ টেবুল চামুচ 
জালুকৰ গুৰি আধা চামুচ 
চাট মচলা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
কেচা জলকীয়া চাৰিটা
পুদিনা পাত এক মুঠি
ধনীয়া পাত অলপ
পানী দুই কাপ
গুড় এক চামুচ
আদা এটুকুৰা

প্ৰস্তুত প্রনালী ---  (১) চুজি খিনিত নিমখ এচিকুট দি গৰম পানীৰে মথি ৩০ মিনিট সময় ঢাকি থৈ দিয়ক। চুজি খিনি মথোতে বেছি নৰম হব নালাগে।তাৰ পিছত আকৌ এক মিনিট মান সময় মথি পাতলকৈ বেলি কুকি কাটাৰেৰে কাটি বা সৰু সৰু লাড়ু বনাই বেলি লৈ মধ্যেমীয়া জুইত তেলত ভাজি তুলি থব। 
(২) সিজোৱা আলু দুটা পিটিকি লৈ তাত বাকী সামগ্রী বোৰ লগলগাই ভালদৰে সানি একাষে থৈ দিয়ক। 
(৩) জলকীয়া, আদা, গুড় আৰু ধনীয়া পুদিনা পাত খিনি মিক্সিত পিহি লৈ বাকী সামগ্রী বোৰৰ সৈতে পানীত ভালদৰে মিহলাই লব। এতিয়া পুৰি এটা মাজতে অলপ ভাঙি লৈ আলুৰ মচলা ভৰাই তেতেলি পানীৰ সৈতে পানী পুৰিৰ জুতি লওঁক। 


Wednesday, 29 April 2020

Red Velvet Cake


ৰেড ভেলভেট কেক 

সামগ্রী -
তিনিটা কনীৰ বগা অংশ আৰু কুহুম দুটা 
অলমন্দ পাউডাৰ ২ টেবুল চামুচ
কোকো পাউদাৰ ১ টেবুল চামুচ
ৰঙা ফুড কালাৰ ৪ টোপাল মান 
ভেনিলা এচেন্স এক চামুচ
বেকিং পাউদাৰ এক চামুচ 
বেকিং চ'ডা আধা চামুচ 
ৰিফাইন তেল আধা কাপ
ভিনেগাৰ এক চামুচ
গাখীৰ আধা কাপ
ময়দা এক কাপ
চেনি আধা কাপ
নিমখ এচিকুট

প্ৰস্তুত প্রনালী ---  কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি ময়দা ছটিয়াই একাষে থৈ দিয়ক। চেনি খিনি মিক্সিত গুৰি কৰি লব। ময়দাৰ লগত চেনিৰ বাহিৰে বাকী শুকান সামগ্রী বোৰ লগলগাই চালি লব। কনীৰ বগা খিনি ৩০ ছেকেণ্ড ফেটি দুচামুচ মান চেনি দি আকৌ ৫ মিনিট মান সময় ফেটি একাষে থৈ দিয়ক। বহল বাচন এটাত কনীৰ কুহুম দুটা ফেটি লৈ তাত চেনি আৰু  জুলীয়া সামগ্রী বোৰ দি আকৌ অলপ ফেটি ফুড কালাৰ আৰু ময়দা খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই লব। এতিয়া কনীৰ বগা খিনি দি লাহে লাহে মিহলাই কেক টিনত ভৰাই প্রিহিট অভেনত ১৬০  ডিগ্রীত ৩০-৩৫ মিনিট সময় বেক কৰিব। কুকাৰ বা কেৰাহীত বহালে কম মধ্যেমীয়া জুইত বেক কৰিব। কেকটো ঠান্ডা হলে  বাটাৰ ফ্রস্টিং বা ক্ৰিমেৰে সুন্দৰকৈ আইচিং কৰি পৰিবেশন কৰিব।