ইনষ্টেন্ট ডোচা মিক্স ৰেচিপি
সামগ্রী -
মাটি মাহৰ দালি ১/২ কাপ
ৰহৰ দালি ২ টেবুল চামুচ
বুতৰ দালি ২ টেবুল চামুচ
চুজি ৩ টেবুল চামুচ
চাউলৰ গুৰি ২ কাপ
মিথি গুটি ১/২ চামুচ
বেকিং চ'ডা ১/২ চামুচ
প্ৰস্তুত প্রনালী --- দালি কেইবিধ আৰু মিথি গুটি কেইটা শুকানে ভাজি মিক্সিত মিহিকৈ গুৰি কৰি লব। মেচিন ক্লিন দালি ললে নুধুলেও হব। চুজি আৰু চাউলৰ গুৰি খিনিও শুকানে ভাজি লব। ভাজোতে ৰঙচুৱা হব নালাগে। কোমল আৰু বৰা চাউলৰ বাহিৰে বাকী যিকোনো ভাত খোৱা চাউলৰ গুৰি লব পাৰিব। এতিয়া চাউলৰ গুৰি, দালিৰ গুৰি আৰু বেকিং চ'ডা লগলগাই ভালদৰে মিহলাই লৈ আইনাৰ বটলত ভৰাই থব। ডোচা খাবলৈ মন গলে বনোৱাৰ ১০ মিনিট মান আগতে প্ৰয়োজন মতে ডোচা মিক্স গুৰি লৈ নিমখ আৰু পানী মিহলাই ঘোল তৈয়াৰ কৰি ঢাকি থব। তাৰ পাছত খুব কম সময়ৰ ভিতৰতে ডোচা বনাই খাব পাৰিব।এনেদৰে ঘৰতে ডোচা মিক্স বনাই থৈ বহু দিনলৈ ডোচাৰ জুতি লৈ থাকিব পাৰি।
No comments:
Post a Comment