প্রেচাৰ কুকাৰ মচলা পোলাও
সামগ্রী -
জহা চাউল ২ কাপ
ঘিউ ২ টেবুল চামুচ
পোলাও মচলা আধা চামুচ
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
কচুৰি মিথি আধা চামুচ
ফুড কালাৰ দুটোপাল
শুকান জলকীয়া দুটা
ড্রাই ফ্রুটচ আধা কাপ
নিমখ আধা চামুচ
স্টাৰ এনিজ তিনিটা
ডালচেনি এটুকুৰা
ইলাচি ৭ - ৮ টা
লং ৮ - ১০ টা
প্ৰস্তুত প্রনালী --- জহা চাউল খিনি ধুই দলা এখনত বহলাই দিব যাতে অলপ জৰজৰীয়া হয়। প্রেচাৰ কুকাৰ এটাত ঘিউ খিনি গৰম হবলৈ দি জলকীয়া আৰু গৰম মচলা বোৰ দি চাউল খিনি বহাই দি লৰাই দিয়ক। ফুড কালাৰৰ বাহিৰে বাকী সকলো সামগ্রী দি ভালদৰে ভাজি জোখ মতে পানী দি ঢাকোন লগাই এটা বা দুটা হুইছেল দিলে নমাই ঠান্ডা হবলৈ দিয়ক। এতিয়া কুকাৰৰ ঢাকোন খুলি পোলাও খিনিত নিজৰ পছন্দৰ ফুড কালাৰ দি লাহে লাহে মিহলাই মাংস বা পনিৰৰ আঞ্জাৰ লগত পৰিবেশন কৰিব।
No comments:
Post a Comment