Monday, 29 January 2018

Delicious Chicken Manchurian

চিকেন মনচুৰীয়ান ৰেচিপি
Chicken Manchurian recipe

সামগ্ৰী- বনলেছ চিকেন ৫০০ গ্ৰাম,পিয়াঁজ ৩টা,বিলাহী -কেপচিকাম -সৰু গাজৰ এটাকৈ, কেঁচা জলকীয়া ২ টা,পিয়াঁজৰ পাত অলপ, আদা নহৰু বটা ১ চামুচ, নিমখ-জালুক-জলকীয়া গুৰি সোৱাদ অনুযায়ী, টমেট ছিলি চচ ১ চামুচ,চয়া চচ আধা চামুচ, কণী এটা, কৰ্ণষ্টাৰছ ১ চামুচ, ধনীয়া পাত অলপ ,তেল জোখ মতে

প্ৰস্তুত প্ৰণালী - চিকেন খিনিত অলপ নিমখ, ধনীয়া পাত ,জালুকৰ গুৰি আৰু এটা পিয়াঁজ সৰুকৈ কুটি দি  লগতে কণীটোও ভাঙি দি মিক্সিত মিহি কৰি লৈ ৰসগোললাৰ  আকাৰৰ লাৰু বনাই ভাজিবলৈ সাজু কৰি লব। এটা কেৰাহীত তেল ভালদৰে গৰম হলে লাৰু কেইটা দি কম জুইত ভাজি উঠাই থব। তেল অলপ কমাই থৈ সেইটো  কেৰাহীতে পিয়াঁজ দুটা অলপ ডাঙৰ কৈ কাটি দি সামান্য ভজা হলে তাত গাজৰ ,কেপচিকাম, বিলাহী কাটি দি ভাজিব ।অলপ ভজা হলে বাকী মছলা আৰু চচ দি লৰাই দিব। দুচামুছ পানীত কৰ্ণষ্টাৰছ খিনি গুলি কেৰাহীত দি ভালদৰে লৰাই থাকি চিকেনৰ লাৰু কেইটা দি আকৌ লাহে লাহে লৰাই দি ঢাকোন মাৰি দহ মিনিট কম জুইত ৰাখিব। তাৰ পিছত কেঁচা জলকীয়া দুটা আৰু পিয়াঁজৰ পাত কাটি দিব। অলপ লৰাই ধনীয়া পাত দি কেৰাহীটো নমাই থব। ফ্ৰাইড ৰাইচ অথবা নুদলচৰ লগত খাবলৈ খুবেই জুতি লগা হয় ।

No comments: