য়োগর্ট চিকেন / দৈ চিকেন
সামগ্রী -
চিকেন ১ কিলো
দৈ ডেৰ কাপ
দালচেনি এটুকুৰা
লং ইলাচি ৪-৫ টা
পিয়াঁজ তিনিটা
কেচাঁ জলকীয়া ৪ টা
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
নিমখ সোৱাদ অনুযায়ী
ধনীয়া গুৰি এক চামুচ
চিকেন মচলা ১/২ চামুচ
জালুকৰ গুৰি আধা চামুচ
ৰিফাইন তেল অথবা
বাটাৰ ২ টেবুল চামুচ
প্ৰস্তুত প্রনালী ---- চিকেন খিনি ধুই দৈ আৰু গুৰি মচলা কেইবিধ লগলগাই সানি এক ডেৰ ঘন্টা ঢাকি থৈ দিয়ক। পিয়াঁজ আৰু জলকীয়া সৰুকৈ কুটি লব। কেৰাহীত বাটাৰ বা ৰিফাইন তেল দি গৰম মচলা খিনি দিব। তাৰ পাছত জলকীয়া, পিয়াঁজ আৰু আদা নহৰু বটা ভাজি চিকেনৰ টুকুৰা কেইটা ভাজিব। মাংস সনা দৈ খিনি ৰাখি থব।চিকেন ভালদৰে ভজা হলে নিমখ,দৈ খিনি আৰু একাপ মান পানী দি ঢাকোন লগাই সিজিবলৈ দিব। মাংস সিজি আঞ্জাখন ঘন হৈ আহিলে নমাই আনি ভাত বা ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment