চুজি চকলেট কেক ইন প্রেচাৰ কুকাৰ
সামগ্রী -
চুজি এক কাপ
চেনি ১/২ কাপ
দৈ ১/২ কাপ
গাখীৰ ১/২ কাপ
নিমখ ১/৪ চামুচ
ৰিফাইন তেল ১/৪ কাপ
কোকো পাউদাৰ ১/৪ কাপ
বেকিং পাউদাৰ এক চামুচ
প্ৰস্তুত প্রনালী --- কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি একাষে থৈ দিয়ক। কুকাৰ এটাত একাপ নিমখ বহলাই দি ওপৰত এডাল স্টেন্ড বা স্টিলৰ বাতি এটা ৰাখি বেছি জুইত দহ মিনিট প্রিহিট হব দিব। চুজি আৰু চেনি খিনি মিক্সিত মিহিকৈ গুৰি কৰি লৈ কোকো আৰু বেকিং পাউদাৰৰ লগত একেলগে চালি লব। বহল বাচন এটাত জুলীয়া সামগ্রী বোৰ লগলগাই ফেটি লৈ তাত চুজিৰ মিশ্রণ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই কেক টিনটোত ঢালি দি কুকাৰত বহাই দিব। হুইছেল আৰু ৰবৰ ডাল খুলি থৈ ঢাকনি খন লগাই দি কম মধ্যেমীয়া জুইত ২৫ - ৩০ মিনিট সময় বেক কৰিব। কেকটো ঠান্ডা হলে কাটি পৰিবেশন কৰিব। ইচ্ছা কৰিলে আইচিং কৰিবও পাৰে।
No comments:
Post a Comment