স্টাৰ এনিজ ফ্লেভার্ড ওটচ লাড্ডু
সামগ্রী -
ওটচ ২ কাপ
আটা ১ কাপ
চেনি ডেৰ কাপ
ইলাচি ৫-৬ টা
কাজু বাদাম ১৫ টা
স্টাৰ এনিজ দুটা
ঘিউ বা তেল একাপ
প্ৰস্তুত প্রনালী --- আটা খিনি একো নিদিয়াকৈ সুদা কেৰাহীত ফহফহীয়া হোৱাকৈ কম জুইত ভাজি একাষে থৈ দিয়ক। এনেদৰে ওটচ খিনিও ভাজি গুৰি কৰি লওঁক। স্টাৰ এনিজ,ইলাচি আৰু কাজু কেইটা শুকানে ভাজি মিক্সিত গুৰি কৰি লব, লগতে চেনি খিনিও গুৰি কৰিব। এতিয়া বহল বাচন এটাত আটাইবোৰ গুৰি সামগ্রী লগলগাই ঘিউ বা তেলেৰে অথবা আধা ঘিউ আধা তেলেৰে ভালদৰে সানি লাড়ু কেইটা বান্ধি লব। আইনাৰ বৈয়ামত ভৰাই থৈ এক ডেৰ মাহলৈ খাই থাকিব পাৰি।
No comments:
Post a Comment