টেঙা মৰা /মেস্কা টেঙা পাতেৰে দেশী মুর্গীৰ জোল
সামগ্রী -
দেশী মুৰ্গীৰ মাংস ১ কেজি
টেঙা মৰা পাত এবাতি
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি এক চামুচ
জিৰা গুৰি আধা চামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
গুড় বা চেনি ১ চামুচ
সিজোৱা আলু দুটা
জলকীয়া তিনিটা
পিয়াঁজ চাৰিটা
প্ৰস্তুত প্রনালী ---- মাংস খিনি ধুই জালুকৰ গুৰি আৰু চিকেন মচলা সানি আধা ঘণ্টা ঢাকি থৈ দিয়ক। টেঙা মৰা পাত কেইটা ধুই কুটি লওঁক লগতে জলকীয়া আৰু পিয়াঁজ কেইটাও কাটি লব। সিজোৱা আলু দুটা অলপ পিটিকি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ জলকীয়া ভাজি বাকী সকলো বটা আৰু গুৰি মচলা বোৰ ভাজিব। গৰম মচলা খিনি ৰাখি থব। নিমখ হালধি আৰু গুড় খিনিও দিব। মচলাৰ ভজা গোন্ধ ওলালে মাংস খিনি দি ভালদৰে ভাজি আলু আৰু টেঙা মৰা খিনি দি আকৌ অলপ সময় ভাজি ডেৰ গিলাচ মান পানী দি উতলিব দিব। আঞ্জাখন উতলি ঘন হৈ আহিলে গৰম মচলা দি নমাই থব। গৰমৰ দিনত ভাত অথবা ৰুটিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।
No comments:
Post a Comment