তেতেলি জালুকেৰে কুকুৰাৰ মাংসৰ জালুকীয়া
সামগ্রী -
কুকুৰাৰ মাংস ৭৫০ গ্ৰাম
জালুকৰ গুৰি এক চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি এক চামুচ
জিৰা গুৰি আধা চামুচ
তেতেলিৰ ৰস দুচামুচ
ৰোকা নাৰিকল দুচামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
তেল হালধি জোখ মতে
নিমখ সোৱাদ অনুযায়ী
গুড় আধা চামুচ
পিয়াঁজ চাৰিটা
বিলাহী দুটা
প্ৰস্তুত প্রনালী --- মাংস খিনি ধুই জালুকৰ গুৰি আৰু চিকেন মচলা সানি একাষে থৈ দিয়ক। পিয়াঁজ আৰু বিলাহী দুটা সিজাই ৰোকা নাৰিকলৰ সৈতে মিক্সিত পিহি লব। তেতেলিৰ ৰসত গুড় খিনি গলিবলৈ দি থব। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা আৰু গৰম মচলাৰ বাহিৰে বাকী গুৰি মচলা বোৰ ভাজি নিমখ হালধি দি পিয়াঁজ বিলাহী খিনি ভাজিব। মচলাৰ ভজা গোন্ধ ওলালে মাংস খিনি দি ভালদৰে ভাজি প্ৰয়োজন মতে পানী দি ঢাকোন লগাই সিজিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে তেতেলিৰ ৰস আৰু গৰম মচলা দি এক মিনিট মান সময় পিছত কেৰাহীটো জুইৰ পৰা নমাই আনি ভাত বা ৰুটি লুচিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment