চফ্ ফ্লেভার্ড বোনলেচ চিকেন
সামগ্রী -
বোনলেচ চিকেন ৫০০ গ্রাম
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
গৰম মচলা আধা চামুচ
মিট মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
চফ্ ১ টেবুল চামুচ
কাজুবাদাম ৮-৯ টা
জলকীয়া তিনিটা
পিয়াঁজ চাৰিটা
বিলাহী দুটা
প্ৰস্তুত প্রনালী --- মাংস খিনি ধুই জালুকৰ গুৰি আৰু মিট মচলা সানি আধা ঘণ্টা ঢাকি থৈ দিয়ক। বিলাহী আৰু পিয়াঁজ কেইটা সিজাই কাজু আৰু জলকীয়াৰে সৈতে মিক্সিত পিহি লওঁক। চফ্ খিনি শুকানে ভাজি খুন্দনাত খুন্দি লব। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা খিনি ভাজি পিয়াঁজ বিলাহী বটা খিনি ভাজিব। চফ্ গুৰিৰ বাহিৰে বাকী সকলো গুৰি মচলা আৰু নিমখ হালধি দি মাংস খিনি ভাজিব। ভালদৰে ভজা হলে ডেৰ গিলাচ মান পানী দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে চফ্ গুৰি খিনি দি কেৰাহীটো জুইৰ পৰা নমাই থব। গৰম ভাত বা ৰুটি লুচিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।
No comments:
Post a Comment