ব'নলেচ চিকেন উইথ ফ্রাইড অ'নিয়ন গ্রেভি
সামগ্রী -
ব'নলেচ চিকেন ৫০০ গ্রাম
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
বাটাৰ ১ টেবুল চামুচ
তেল প্ৰয়োজন মতে
হালধি জোখ মতে
কাজুবাদাম ৮ -১০
পিয়াঁজ চাৰিটা
বিলাহী দুটা
প্ৰস্তুত প্রনালী --- মাংস খিনি ভালদৰে ধুই জালুকৰ গুৰি আৰু চিকেন মচলা সানি একাষে থৈ দিয়ক। পিয়াঁজ আৰু বিলাহী দুটা সৰু সৰুকৈ কুটি লব। বাটাৰ চামুচত পিয়াঁজ খিনি ৰঙচুৱাকৈ ভাজি তাত কাজু আৰু বিলাহী খিনি দি আকৌ দুই মিনিট মান সময় ভাজি মিক্সিত পিহি লব। কেৰাহীত জোখ মতে তেল দি মাংস খিনি আধা ভজা কৰি তুলি থৈ সেই তেলতে আদা নহৰু বটা আৰু বাকী মচলা বোৰ ভাজিব। নিমখ হালধি আৰু পিয়াঁজৰ পিউৰি দি ভজা মাংস খিনিও দিব। ভালদৰে ভজা হলে এগিলাচ মান পানী দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে গৰম মচলা দি নমাই থব। ভাত বা নান্ ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment