ৱাটাৰমেলন জেলি স্টাফড ৰাইচ ফ্লাৰ ডেজার্ট
সামগ্রী -
(১) জেলি বনাবৰ বাবে-
তৰমুজৰ ৰস এক গিলাচ
চেনি ১ টেবুল চামুচ
জিলেটিন ২ চামুচ
নেমুৰ ৰস এক চামুচ
ডালচেনিৰ গুৰি এচিকুট
নিমখ এচিকুট
(২) পিঠা গুৰিৰ ৰুটি বনাবৰ বাবে-
পাউদাৰ গাখীৰ আধা কাপ
গ্রিন ফুড কালাৰ দুটোপাল মান
কন্ডেন্স মিল্ক এক কাপ
পিঠা গুৰি এক কাপ
গৰম পানী ডেৰ কাপ
ঘিউ ২ টেবুল চামুচ
ইলাচি গুৰি এচিকুট
নিমখ এচিকুট
প্ৰস্তুত প্রনালী --- (১) তৰমুজৰ ৰস খিনি গৰম হবলৈ দি জিলেটিনৰ বাহিৰে বাকী সকলো সামগ্রী দি উতলিব দিয়ক। এক উতল আহিলে জিলেটিন খিনি দি একেৰাহে লৰাই জিলেটিন গলিলে নমাই আনি আকৌ ৩০ ছেকেণ্ড মান লৰাই আধা ৰস প্লেট এখনত আৰু আধা সৰু সৰু মল্ডত ভৰাই এঘন্টা ফ্রিজত থৈ দিয়ক।
(২) গৰম পানী খিনি পিঠা গুৰিত ঢালি দি অলপ লৰচৰ কৰি ২০ মিনিট সময় ঢাকি থৈ দিয়ক। তাৰ পাছত ৫ মিনিট মান সময় মথি লব। ননস্টিক কেৰাহী এটাত ঘিউ খিনি গৰম হবলৈ দি মথি লোৱা পিঠা গুৰি খিনি দিব, লগতে ফুড কালাৰৰ বাহিৰে বাকী সকলো সামগ্রী দি দহ বাৰ মিনিট মান সময় কম জুইত একেৰাহে লৰাই থাকিব। মিশ্রনটো কেৰাহীৰ পৰা এৰাই আহিলে ফুড কালাৰ দি ভালদৰে মিহলাই নমাই আনি অলপ ঠান্ডা হলে দুটা লাড়ু কৰি লব। এতিয়া প্লেটৰ জেলি খিনি উলিয়াই আনি দিঘলীয়াকৈ কাটি লব। কাহী এখনৰ ওলোটা ফালে ঘিউ সানি লাড়ু এটা পাতলকৈ বেলি লৈ মাজত জেলিৰ টুকুৰা দি লাহে লাহে ৰোল কৰি দহ মিনিট মান সময় ফ্রিজত থৈ টুকুৰা কৰি কাটি লব। সৰু মল্ডত থোৱা জেলিৰে সুন্দৰকৈ সজাই পৰিবেশন কৰিব।
1 comment:
Moi janu e Tumi pariba buli.. nice
Post a Comment