টি টাইম চুজি এলোভেৰা চপ
সামগ্রী -
চুজি আধা কাপ
গাখীৰ আধা কাপ
এলোভেৰা পাত এটা
সিজোৱা আলু দুটা
নেমুৰ ৰস এক চামুচ
মিক্স হার্বচ আধা চামুচ
ছিলি ফ্লেক্স এক চামুচ
ধনীয়া দুই টেবুল চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
বাটাৰ এক টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
মিহিকৈ কুটা নহৰু এচামুচ
পিয়াঁজ, জলকীয়া দুটাকৈ
তেল, হালধি প্ৰয়োজন মতে
প্ৰস্তুত প্রনালী ---- এলোভেৰা পাতটো ধুই কাঁইট বোৰ গুচাই দুঘন্টা মান থিয় কৰাই থৈ দিব, আঠা খিনি নিজে নিজে গৈ নোহোৱা হলে পাতটো পুনৰ ধুই মিহিকৈ কুটি লব।চুজি খিনি গাখীৰত তিয়াই আধা ঘণ্টা থৈ দিয়ক। পিয়াঁজ আৰু জলকীয়া দুটা সৰুকৈ কুটি লব, লগতে আলু দুটাও পিটিকি লব। চপ কেইটা ভাজিবলৈ প্ৰয়োজন মতে কেৰাহীত তেল দি মধ্যেমীয়া জুইত গৰম হবলৈ দিয়ক। বহল বাচন এটাত চুজিৰ লগত এলোভেৰা আৰু বাকী সকলো সামগ্রী লগলগাই সানি লৈ নিজৰ পচন্দৰ আকাৰ দি চপ কেইটা ভাজি লৈ টমেটো চছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment