এগলেচ মিল্ক ব্রেড ইন প্রেচাৰ কুকাৰ (ন' ইস্ট)
সামগ্রী -
ময়দা ২ কাপ
গাখীৰ ১ কাপ
নিমখ ১/২ চামুচ
চেনি ২ টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
বেকিং চ'ডা ১/২ চামুচ
বেকিং পাউদাৰ ১ চামুচ
ৰিফাইন তেল ২ টেবুল চামুচ
পাউদাৰ গাখীৰ ২ টেবুল চামুচ
প্ৰস্তুত প্রনালী --- গাখীৰ খিনি কুহুমীয়া গৰম কৰি বহল বাচন এটাত লৈ চেনি, পাউদাৰ গাখীৰ, তেল আৰু বাটাৰ খিনি দি অলপ ফেটি লৈ তাত বাকী সকলো সামগ্রী লগলগাই লৈ দহ মিনিট মান সময় মথি অলপ তেল সানি ভালদৰে ঢাকি এক ডেৰ ঘন্টা থৈ দিয়ক। লুচিৰ ময়দাতকৈ বহু বেছি নৰমকৈ মথিব লাগিব। ব্রেড টিন এটাত তেল সানি একাষে থৈ দিব। এক ডেৰ ঘন্টাৰ পিছত ময়দা খিনি ৫ মিনিট মান সময় মথি ব্রেড টিনটোত ৰাখি আকৌ ৩০ মিনিট সময় ঢাকি থৈ দিব। কুকাৰ এটাত একাপ নিমখ বহলাই দি ওপৰত স্টেন্ড এডাল বা স্টিলৰ বাতি এটা ৰাখি বেছি জুইত দহ মিনিট সময় প্রিহিট হব দিব। ঢাকোন লগোৱাৰ আগতে হুইছেল আৰু ৰবৰ ডাল খুলি থব। ব্রেড টিনটোৰ ঢাকনি গুচাই ময়দা খিনিত অলপ গাখীৰ ব্রাচ্ কৰি কুকাৰত বহাই ঢাকোন লগাই কম মধ্যেমীয়া জুইত ২৫ -৩০ মিনিট সময় বেক কৰিব। ব্রেডটো নমাই লগেলগেই বাটাৰ ব্রাচ্ কৰিব। অলপ ঠান্ডা হলে কপাহী কাপোৰ এখন তিয়াই ভালদৰে পানী চেপি লৈ ব্রেডটো মেৰিয়াই ৩০ মিনিট সময় থৈ দিয়ক। তাৰ পাছত টুকুৰা কৰি কাটি পৰিবেশন কৰিব।
No comments:
Post a Comment