পিঠা গুৰিৰ কেক
সামগ্রী -
পিঠা গুৰি এক কাপ
আটা আধা কাপ
বেকিং পাউদাৰ এচামুচ
বেকিং চ'ডা আধা চামুচ
ভেনিলা এচেন্স এচামুচ
ৰিফাইন তেল আধা কাপ
পাউদাৰ চেনি ৩/৪ কাপ
গাখীৰ আধা কাপ
কনী তিনিটা
নিমখ এচিকুট
প্ৰস্তুত প্রনালী --- কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি আটা ছটিয়াই একাষে থৈ দিয়ক। পিঠা গুৰিৰ লগত বাকী শুকান সামগ্রী বোৰ লগলগাই চালি লব। কনী কেইটা ভাঙি কুহুম কেইটা এটা বাতিত থৈ দিব আৰু বগা খিনি ৩০ ছেকেণ্ড ফেটি দুচামুচ মান চেনি দি আকৌ ৫ মিনিট মান সময় ফেটি একাষে থৈ দিব। বহল বাচন এটাত কুহুম কেইটা ফেটি লৈ তাত জুলীয়া সামগ্রী বোৰ লগলগাই আকৌ অলপ ফেটি পিঠা গুৰিৰ মিশ্রণ খিনি অলপ অলপকৈ দি ভালদৰে মিহলাই লব। এতিয়া কনীৰ বগা খিনি দি লাহে লাহে মিহলাই কেক টিনটোত ঢালি দি প্রিহিট অভেনত ১৮০ ডিগ্রীত ৪০ -৪৫ মিনিট সময় বেক কৰিব। কেৰাহীত বহালে ঢাকোন লগাই ১৫ মিনিট আগতে মধ্যেমীয়া জুইত প্রিহিট হব দিব। কেকটো ঠান্ডা হলে কাটি পৰিবেশন কৰিব। ইচ্ছা কৰিলে আইচিং কৰিবও পাৰে।
No comments:
Post a Comment