ছিজি দালিয়া কাটলেট
সামগ্রী -
দালিয়া এক কাপ
পানী ডেৰ কাপ
ছিজ আধা কাপ
বাটাৰ এক চামুচ
ধনীয়া পাত এমুঠি
সিজোৱা আলু দুটা
মিহিকৈ কুটা নহৰু এচামুচ
পিয়াঁজ,জলকীয়া দুটাকৈ
ব্রেডক্রাম্ব বা বিস্কুটৰ গুৰি
জালুকৰ গুৰি আধা চামুচ
চাট মচলা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
প্ৰস্তুত প্রনালী --- দালিয়া খিনি পানীৰে সৈতে কুকাৰত দি এক হুইছেল মাৰি সিজাই লওঁক। ছিজ খিনি ৰুকি একাষে থৈ দিয়ক । আলু দুটাও ৰুকি লব। দালিয়াৰ লগত ছিজৰ বাহিৰে বাকী সকলো সামগ্রী লগলগাই সানি লৈ নিজৰ পচন্দ মতে আকাৰ দি কাটলেট কেইটা বিস্কুটৰ গুৰিত লেটিয়াই ভাজিবৰ বাবে সাজু কৰি লব। তাৱাত দুচামুচ মান তেল দি কাটলেট কেইটা বহাই দুই মিনিট মান পিছত লুটিয়াই দি কাটলেট কেইটাৰ ওপৰত ছিজ খিনি দি ঢাকোন লগাই ৫ মিনিট মান সময় কম তাপত ভাজি টমেটো চছৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment