কেৰামেল পুডিং ( ফ্লান )
Creme Caramel Pudding ( Flan )
সামগ্ৰী - ১। গাখীৰ আধা লিটাৰ, কন্ডেঞ্চ মিল্ক ১ কাপ বা চেনি আধা কাপ,কণী ৩ টা,ভেনিলা এচেঞ্চ এচামুছ, নিমখ এচিকুট
Creme Caramel Pudding ( Flan )
সামগ্ৰী - ১। গাখীৰ আধা লিটাৰ, কন্ডেঞ্চ মিল্ক ১ কাপ বা চেনি আধা কাপ,কণী ৩ টা,ভেনিলা এচেঞ্চ এচামুছ, নিমখ এচিকুট
২। কেৰামেলৰ বাবে চেনি আধা কাপ
প্ৰস্তুত প্ৰণালী - ২। কেৰামেল বনাবলৈ চেনি খিনি শুদা কেৰাহীত গলাই লৈ ৰঙচুৱা হলে ভাপত বহাব পৰা বাতিত ঢালি ঠাণ্ডা হবলৈ দিয়ক।
প্ৰস্তুত প্ৰণালী - ২। কেৰামেল বনাবলৈ চেনি খিনি শুদা কেৰাহীত গলাই লৈ ৰঙচুৱা হলে ভাপত বহাব পৰা বাতিত ঢালি ঠাণ্ডা হবলৈ দিয়ক।
১। ভাপত দিয়াৰ বাবে কুকাৰ বা ছচপেনত পানী উতলিবলৈ দিব। এটা কেৰাহীত গাখীৰ খিনি গৰম হবলৈ দি প্ৰথম উতলটো আহিব ধৰোতেই জুই বন্ধ কৰি দিব। কণী কেইটা ফেটি লৈ তাত কন্ডেঞ্চ মিল্ক বা চেনি,ভেনিলা এচেঞ্চ আৰু নিমখ মিহলাই ভালদৰে ফেটি লব। ফেটি থকা সময়তে গাখীৰ খিনি লাহে লাহে ঢালি দি একেৰাহে লৰাই কেৰামেল ৰখা বাতি টোত ঢালি দিব। বাতিটো এলুমিনীয়াম পেপাৰেৰে ঢাকি উতলি থকা পানীত ভাপত পুডিং খিনি সিজিবলৈ দিয়ক। মধ্যেমীয়া জুইত ২৫-৩০ মিনিট সময় হলে জুই বন্ধ কৰি পুডিং বাতি টো নমাই আনি ঠান্ডা হবলৈ দিয়ক। তাৰ পিছত ফ্ৰীজত ৫-৬ ঘন্টা ৰাখি উলিয়াই আনি প্লেট এখনত ওলোটাই লৈ সুন্দৰকৈ সজাই পৰিবেশন কৰিব।

No comments:
Post a Comment