Saturday, 4 July 2020

Chocolate Peanut Bar ( Sugar Free)


চকলেট পিনাট বাৰ ( চুগাৰ ফ্রি) 

সামগ্রী -
পিনাট ২৫০ গ্রাম
গাখীৰ ১ কাপ
চকলেট ১২০ গ্ৰাম
ঘিউ ১ চাহ চামুচ
বাটাৰ ১ টেবুল চামুচ
ইলাচি গুৰি ১/২ চামুচ
বগা তিল ২ টেবুল চামুচ
পাউদাৰ গাখীৰ ১/২ কাপ

প্ৰস্তুত প্রনালী ----   বাদাম খিনি (পিনাট) শুকানে ভাজি বাকলি গুচাই মিক্সিত মিহিকৈ গুৰি কৰি লব। চকলেট খিনি গলাই লৈ বাটাৰ মিহলাই ২০ মিনিট মান সময় ফ্রিজত থৈ অলপ গোট মাৰিব দিব। তিল খিনি শুকানে অলপ ভাজি একাষে থৈ দিয়ক। ননস্টিক কেৰাহী এটাত ঘিউ আৰু গাখীৰ গৰম হবলৈ দি বাদামৰ গুৰি, পাউদাৰ গাখীৰ আৰু ইলাচি গুৰি দি একেৰাহে লৰাই থাকিব। একেবাৰে কম তাপত ভাজি থাকি মিশ্রণটো কেৰাহীৰ পৰা এৰাই আহিলে নমাই আনি ঠান্ডা হবলৈ দিব। অলপ ঠান্ডা হলে বাদামৰ মিশ্রণটো কাহী এখনৰ ওলোটা ফালে বহলাই দি ওপৰত চকলেট খিনি দি লাহে লাহে মেৰিয়াই ৰোল কৰি বগা তিল ছটিয়াই ৰোলটো আধা ঘণ্টা মান সময় ফ্রিজত থৈ উলিয়াই আনি টুকুৰা কৰি কাটি পৰিবেশন কৰিব। 





No comments: