পিঠাগুৰিৰ কেৰামেল পুডিং
সামগ্রী -
(১) কেৰামেল বনাবৰ বাবে-
চেনি ৪ টেবুল চামুচ
পানী ২ টেবুল চামুচ
(২) পিঠাগুৰিৰ কাস্টার্ড বনাবৰ বাবে-
পিঠাগুৰি ৩ টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
ভেনিলা এচেন্স এচামুচ
চেনি ৩ টেবুল চামুচ
গাখীৰ ৩ কাপ
নিমখ এচিকুট
কনী দুটা
প্ৰস্তুত প্রনালী --- (১) চছপেন এটাত পানীৰ সৈতে চেনি খিনি মধ্যেমীয়া জুইত গলিবলৈ দিব। চেনি গলি ৰঙচুৱা হলে ভাপত বহাব পৰা বাচন এটাত কেৰামেল খিনি ঢালি একাষে থৈ দিয়ক।
(২) আধা কাপ গাখীৰত পিঠাগুৰি খিনি গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দি লগেলগেই চেনি, বাটাৰ আৰু পিঠাগুৰি খিনি দি একেৰাহে লৰাই সামান্য ঘন হলে নমাই আনি আকৌ এক মিনিট মান সময় লৰাব। এতিয়া কনীৰ লগত নিমখ আৰু ভেনিলা এচেন্স দি অলপ ফেটি কাস্টার্ড খিনিত অলপ অলপকৈ দি একেৰাহে লৰাই কেৰামেল বাচনটোত ঢালি এলুমিনিয়াম পেপাৰেৰে ঢাকি ৩০ -৩৫ মিনিট সময় ভাপত দিব। তাৰ পিছত নমাই আনি অলপ ঠান্ডা হলে ফ্রিজত ৩-৪ ঘন্টা থৈ উলিয়াই আনি প্লেট এখনত ওলোটাই দি কাটি পৰিবেশন কৰিব।
No comments:
Post a Comment