তৰমুজৰ বাকলিৰ কোফ্তা কাৰী
সামগ্রী -
(১) কোফ্তা বনাবৰ বাবে--
তৰমুজৰ বাকলি এবাতি
বেচন ২ টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ আধা চামুচ
ধনীয়া পাত এমুঠি
(২) কাৰী বনাবৰ বাবে-
ধনীয়া গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
গৰম মচলা আধা চামুচ
কাৰী মচলা আধা চামুচ
নহৰু বটা আধা চামুচ
আদা বটা আধা চামুচ
কাজু বটা এক চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে
পিয়াঁজ তিনিটা
বিলাহী দুটা
প্ৰস্তুত প্রনালী --- (১) তৰমুজৰ বাকলিৰ সেউজীয়া তৰপটো কাটি পেলাই দি বগা অংশ খিনি ৰুকি হাতৰ মুঠিত লৈ ৰস বোৰ চেপি একাষে থৈ দিয়ক। ৰোকা বাকলি খিনিত বেচন আৰু বাকী সামগ্রী মিহলাই সানি লৈ লাড়ু বনাই গৰম তেলত মধ্যেমীয়া জুইত ভাজি তুলি থব।
(২) পিয়াঁজ আৰু বিলাহী দুটা সিজাই মিক্সিত পিহি লওঁক। কেৰাহীত জোখ মতে তেল দি আদা নহৰু বটা খিনি অলপ ভাজি পিয়াঁজ বিলাহী আৰু কাজু বটা খিনি ভাজিব। ভালদৰে ভজা হলে গৰম মচলাৰ বাহিৰে বাকী সকলো মচলা আৰু নিমখ হালধি দি আকৌ অলপ ভাজি একাপ পানী আৰু বাকলিৰ ৰস খিনি দি উতলিব দিব।আঞ্জাখন উতলি ঘন হৈ আহিলে ভজা কোফ্তা কেইটা আৰু গৰম মচলা দি এক মিনিট মান সময় পিছত কেৰাহীটো জুইৰ পৰা নমাই থব। ভাত বা ৰুটি লুচিৰ লগত গৰমে গৰমে খাবলৈ খুবেই জুতি লগা হয়।
No comments:
Post a Comment