হোমমেড প্লাম জাম ৰেচিপি
সামগ্রী -
প্লাম ৭৫০ গ্ৰাম
চেনি ১/২ কাপ
নিমখ ১/২ চামুচ
ডালচেনি এটুকুৰা
প্ৰস্তুত প্ৰণালী --- প্লাম কেইটা ধুই বাকলিৰে সৈতে টুকুৰা কৰি কাটি লৈ গুটি বোৰ পেলাই দিব। মধ্যেমীয়া জুইত কেৰাহী এটা পাতি সকলো খিনি সামগ্রী একেলগে বহাই দি অলপমান সময় লৰাই ঢাকোন লগাই দহ মিনিট মান সময় সিজিবলৈ দিয়ক। প্লাম কেইটা বেছি টেঙা হলে আৰু অলপ চেনি লাগিব পাৰে। তাৰ পিছত ডালচেনি টুকুৰা পেলাই দি হেতাৰে হেচি হেচি প্লাম খিনি ভাঙি মিহি কৰি লৈ একেৰাহে লৰাই থাকিব। জাম খিনি ঘন হৈ আহিলে নমাই আনি ঠান্ডা হবলৈ দিব। আইনাৰ বটলত ভৰাই থৈ ব্রেড পৰঠাৰ লগত বহু দিনলৈ জুতি লৈ থাকিব পাৰি।
No comments:
Post a Comment