মেৰী বিস্কুট কাস্টার্ড পুডিং উইথ ফ্রেচ ৱাটাৰমেলন
সামগ্রী -
কাস্টার্ড পাউদাৰ এক টেবুল চামুচ
বাটাৰ ১ টেবুল চামুচ
ভেনিলা এচেন্স এচামুচ
তৰমুজৰ টুকুৰা এবাতি
মেৰী বিস্কুট ৬ খন
চেনি ১ টেবুল চামুচ
গাখীৰ ৩ কাপ
প্ৰস্তুত প্রনালী --- আধা কাপ গাখীৰত কাস্টার্ড পাউদাৰ খিনি গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দি চেনি, বাটাৰ আৰু মেৰী বিস্কুট কেইখন দি একেৰাহে লৰাই ভালদৰে গলি গলে ভেনিলা এচেন্স আৰু কাস্টার্ড পাউদাৰ খিনি দি এক মিনিট মান সময় লৰাই নমাই আনি আকৌ ৩০ ছেকেণ্ড মান একেৰাহে লৰাই ঠান্ডা হবলৈ দিব। চাৰিটা গিলাচ বা বাতিত প্রথমে তৰমুজৰ টুকুৰা দি ওপৰত কাস্টার্ড ৰাখি আকৌ তৰমুজৰ টুকুৰা দি সুন্দৰকৈ সজাই পৰিবেশন কৰিব।
No comments:
Post a Comment