Thursday, 9 April 2020

Broken Wheat / Dalia Breakfast

ব্রোকেন হুইট / ডালিয়া ব্রেকফাস্ট

সামগ্রী -
ডালিয়া আধা কাপ
পানী ডেৰ কাপ
চুজি ২ টেবুল চামুচ
পিয়াঁজ, জলকীয়া দুটাকৈ
মিহিকৈ কুটা আদা নহৰু এচামুচ
কচুৰি মিথি আধা চামুচ
জলকীয়া গুৰি আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ, জালুকৰ গুৰি জুতি মতে
ধনীয়া পুদিনা পাত কেইটামান
তেল বা মাখন জোখ মতে
নেমুৰ ৰস ১ চামুচ
কনী দুটা

প্ৰস্তুত প্রনালী ---কুকাৰত পানী ডেৰ কাপ দি ডালিয়া খিনি সিজাই লব। এচিকুট নিমখ দি কনী দুটা অলপ ফেটি লব। সিজা ডালিয়াৰ লগত কনী আৰু চুজি খিনি মিহলাই লৈ দহ মিনিট সময় ঢাকি থৈ দিয়ক। পিয়াঁজ, জলকীয়া আৰু ধনীয়া পুদিনা পাত কেইটা সৰু সৰু কৈ কাটি লব। এতিয়া বহল বাচন এটাত ডালিয়া খিনি লৈ তেলৰ বাহিৰে বাকী সকলো সামগ্রী লগলগাই ভালদৰে সানি লব। ননস্তিক তাৱাত এচামুচ তেল বা মাখন দি ডালিয়াৰ মিশ্রণ টোৰ আধা মান বহলাই দি ঢাকোন লগাই ৫ মিনিট সময় ভাজি লুটিয়াই দিব। তেনেদৰে আন ভাগো ভাজি নিজৰ পছন্দৰ আকাৰত কাটি পৰিবেশন কৰিব।