Wednesday, 1 April 2020

Orange Flavored gulab Jamun

অ'ৰেঞ্জ ফ্লেভার্দ গুলাব জামুন

সামগ্রী -
পাউদাৰ গাখীৰ ১ কাপ
গাখীৰ আধা কাপ
ময়দা ২ টেবুল চামুচ
বেকিং চ'ডা এচিকুট 
অ'ৰেঞ্জ এচেন্স ১চামুচ
অ'ৰেঞ্জ ফুদ কালাৰ ২টোপ
ঘিউ ২ চাহ চামুচ
ভাজিবৰ বাবে তেল বা ঘিউ 
চেনিৰ ৰসৰ বাবে লাগিব -
চেনি ৩ কাপ
পানী ডেৰ কাপ
ইলাচি ৪-৫ টা 

প্ৰস্তুত প্রনালী ---  প্রথমে চেনিৰ ৰস খিনি বনাই ঢাকি থব। চেনিখিনি গলি যোৱালৈ উতলাব,বেছি ঘন হব নালাগে। ননস্তিক কেৰাহী এটাত পাউদাৰ গাখীৰ, গাখীৰ আৰু ঘিউ মিহলাই লৈ কেৰাহীটো জুইৰ ওপৰত তুলি দি কম তাপত একেৰাহে লৰাই থাকি মিশ্ৰণটো কেৰাহীৰ পৰা এৰাই আহিলে নমাই আনি অলপ ঠান্ডা হবলৈ দিব। এতিয়া গাখীৰৰ মিশ্ৰনটোত বাকীখিনি সামগ্রী মিহলাই লৈ দহ মিনিট মান সময় ভালদৰে মথি সৰু সৰু আকাৰৰ লাৰু বনাই তেল বা ঘিউত ভাজি গৰম চেনিৰ ৰসত ডুবাই থব। ২-৩ ঘন্টাৰ পিছত পৰিবেশন কৰিব পাৰিব। 

No comments: