ক্যাৰামেল ব্রেড পুডিং ( এগলেচ)
সামগ্রী -
কাস্টার্ড পাউদাৰ ২ টেবুল চামুচ
গাখীৰ ২ কাপ
চেনি আধা কাপ
ব্রেড ৬ খন
ক্যাৰামেল বনাবৰ বাবে -
চেনি ৪ টেবুল চামুচ
পানী ২ টেবুল চামুচ
প্ৰস্তুত প্রনালী --- ক্যাৰামেল বনাবৰ বাবে ননস্তিক কেৰাহী এটাত চেনি আৰু পানী খিনি দি মধ্যেমীয়া জুইত চেনি গলি ৰঙচুৱা হলে নমাই আনি কেক টিন বা ভাপত বহাব পৰা বাচন এটাত বহলাই দি একাষে থৈ দিয়ক। ব্রেড কেইখনৰ কাষ বোৰ কাটি পেলাই দি বাকী অংশ মিক্সিত গুৰি কৰি লব। আধা কাপ গাখীৰত কাস্টার্ড পাউদাৰ খিনি গুলি লৈ বাকী খিনি গাখীৰ জুইত বহাই দি চেনি আৰু কাস্টার্ড খিনি দি এক মিনিট সময় লৰাই ব্রেডৰ গুৰি খিনি অলপ অলপকৈ দি ২ মিনিট সময় একেৰাহে লৰাই ক্যাৰামেলৰ বাচনটোত ঢালি ফইল পেপাৰেৰে ঢাকি ৩০-৩৫ মিনিট সময় ভাপত দিব। তাৰ পিছত বাচনটো ফ্রিজত ২-৩ ঘন্টা ৰাখি উলিয়াই আনি প্লেট এখনত ওলোটাই দি টুকুৰা কৰি কাটি পৰিবেশন কৰিব।
No comments:
Post a Comment