Monday, 29 April 2019

Aloe Vera Almond Laddu ( Sugar Free )

এলোৱেৰা অলমণ্ডৰ লাড়ু ( চুগাৰ ফ্ৰী )

সামগ্ৰী ---
এলোৱেৰা পাত দুটা
গুড় একাপ বা জুতি মতে
ঘি দুই টেবুল চামুচ
ইলাচি গুৰি আধাচামুচ
অলমণ্ড ১৫০ গ্ৰাম
কাজু ১০০ গ্ৰাম
আটা ২০০ গ্ৰাম
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী ----    এলোৱেৰা পাতৰ কাঁইট বোৰ কাটি পেলাই ধুই মাজৰ বিজলুৱা খিনি উলিয়াই মিক্সিত অলপ পিহি লব। অলমণ্ড আৰু কাজু সজাবলৈ কেইটামান এৰি বাকী খিনি ঘিত ভাজি গুৰি কৰি লওঁক। আটা খিনিও কম জুইত অলপ ৰঙচুৱা হোৱালৈ ঘিত ভাজি লৈ অলমণ্ডৰ গুৰি আৰু ইলাচি গুৰি মিহলাই একাষে থৈ দিয়ক। এলোৱেৰা খিনি গৰম হবলৈ দি গুড় আৰু নিমখ দি একেৰাহে কিছুসময় লৰাই গুড় গলিলে নমাই আনি আটাৰ মিশ্ৰণ টোত ঢালি ভালদৰে সানি লৈ নিজৰ পছন্দ মতে লাড়ু বনাই লব।

2 comments:

Unknown said...

নতুন বসতু এটা শিকিব পালো

Unknown said...

Real good