Friday, 26 April 2019

Delicious Mango Jelly Cake

ডেলিছিয়াছ মেংঙ্গ জেলি কেক

সামগ্ৰী ---
পকা আম দুটা
চেনি আধাকাপ বা জুতিমতে
পানী এগিলাচ আৰু আধাকাপ
অগৰ অগৰ বা জিলেটিন
এক টেবুল চামুচ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী ---   আধা কাপ পানীত অগৰ অগৰ বা জিলেটিন খিনি তিয়াই থৈ দিয়ক। আম দুটা কাটি মিক্সিত  মিহিকৈ পিহি লওঁক। পানীগিলাচ গৰম হবলৈ দি অগৰ অগৰ ,চেনি আৰু নিমখ দি গলি যোৱালৈ মধ্যমীয়া জুইত লৰাই থাকি আম খিনি দি একেৰাহে লৰাই অলপ ঘন হলে নমাই আনি বাচন এটাত ঢালি ফ্ৰীজত এঘন্টা থৈ উলিয়াই আনি ঠান্ডাকৈয়ে পৰিবেশন কৰিব পাৰে।

No comments: