ৰয়েল কৰ্ণ পনীৰ মচলা
সামগ্ৰী --
পনীৰ ৩৫০ গ্ৰাম
কৰ্ণ তিনি / চাৰি টা মান
ব্ৰিটেনিয়া ছিজৰ কিউব এটা
কাজু ,বাদাম বটা এক চামুচকৈ
আদা নহৰু বটা এক চামুচ
বগা জালুকৰ গুৰি আধা চামুচ
জিৰা ,ধনীয়া গুৰি আধা চামুচকৈ
তেল , মাখন এক চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
পানী ডেৰ গিলাচ
প্ৰস্তুত প্ৰণালী --- কৰ্ণ কেইটা কুকাৰত সিজাই গুটি বোৰ উলিয়াই লৈ অলপ পানীৰে সৈতে মিক্সিত মিহিকৈ পিহি লব। বাকী থকা পানী খিনি কৰ্ণত মিহলাই চেকি পিউৰি উলিয়াই লৈ সিঠাবোৰ পেলাই দিব। পনীৰ খিনি টুকুৰা কৰি কাটি লব আৰু ছিজৰ টুকুৰাটো ৰুকি লব। কেৰাহীত তেল আৰু মাখন দি বটা আৰু গুৰি মচলা ভাজি লৈ কৰ্ণ পিউৰি খিনি দিব ,লগতে ছিজ আৰু নিমখ দি পনীৰ খিনিও দিব। প্ৰয়োজন হলে আৰু অলপ পানী দি উতলি আঞ্জা খন ঘন হৈ আহিলে নমাই থব। পোলাও আৰু ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰক।

No comments:
Post a Comment