Tuesday, 9 January 2018

Coconut Shira with Orange Zest Flavour

কমলাৰ বাকলিৰ সোৱাদেৰে নাৰিকলৰ চিৰা  ( coconut shira with Orange zest flavour  )

সামগ্ৰী -শুকান নাৰিকল এটা, চেনি সোৱাদৰ জোখত ,কমলা টেঙাৰ বাকলিৰ গুৰি ১ চাহ চামুচ, সজাবলৈ কমলা এচকল

প্ৰস্তুত প্ৰণালী - নাৰিকলটো ফালি বগা অংশত লাগি থকা কলা কলাবোৰ গুচাই পেলাই দিব।এতিয়া চালাড ৰোকা খনত নাৰিকল খিনি ৰুকি লওঁক।এটা কেৰাহীত ৰোকা নাৰিকল খিনি দি ভালকৈ তল যোৱাৰ জোখত পানী দি উতলিবলৈ দিয়ক।পানী শুকাই নাৰিকল কোমল হৈ আহিলে চেনি দি প্ৰথমতে মধ্যমীয়া আৰু তাৰ দহ মিনিট মান পিছত কম জুইত একেৰাহে লৰাই থাকিব। নাৰিকল খিনি চেনি গলি জর্জৰীয়া হোৱালৈ লৰাই থাকি শেষত কমলাৰ বাকলিৰ গুৰি দি জুইৰ পৰা কেৰাহীটো নমাই থব।নাৰিকলৰ চিৰা ঠাণ্ডা হলে কমলাৰ চকলেৰে সুন্দৰকৈ সজাই পৰিবেশন কৰিব।