নাৰিকল-ৰঙালাওৰ গুটিৰে পনীৰৰ সোৱাদ ( paneer with coconut -pumkin seeds )
সামগ্ৰী -পনীৰ ৩০০গ্ৰাম, ৰোকা নাৰিকল ১কাপ, ৰঙালাওৰ গুটি বঁটা আধা কাপ, পিয়াঁজ বিলাহী এটাকৈ, নিমখ-জালুক-জলকীয়া গুৰি সোৱাদৰ জোখত,জিৰা ধনীয়া গুৰি আধা চাহ চামুচকৈ, হালধি গৰম মচলা অলপ, তেল জোখ মতে
প্ৰস্তুত প্ৰণালী-কেৰাহীত তেল গৰম হলে পিয়াঁজ বিলাহী ভাজি লৈ গৰম মচলাৰ বাহিৰে বাকী মচলা ও ভাজিব।তাৰ পিছত ৰঙালাওৰ গুটি বঁটা খিনি অলপ সময় ভাজি নাৰিকল ৰোকাও লগতে দি হেতাৰে একেৰাহে লৰাই পনীৰৰ টুকুৰা দি লাহে লাহে মচলাৰে লগলগাই এক গিলাচ মান পানী দি উতলিবলৈ দিব।পনীৰ খিনি অলপ ভাজি লব পাৰে আৰু নাভাজিলেও কোনো কথা নাই।আঞ্জা খন ঘন হৈ আহিলে নিমখ আৰু গৰম মছলা দি কেৰাহী টো নমাই থব ।গৰম ভাত বা ৰুটিৰ লগত খাবলৈ খুউব সোৱাদ লগা হয়।

No comments:
Post a Comment