এগলেচ চক'লাভা কেক ( Eggless Chocolava
Cake )
সামগ্ৰী - ময়দা ১ কাপ, কোকোপাউদাৰ ২ টেবুল চামুচ ,চেনি আধা কাপ,বাটাৰ ২ টেবুল চামুচ ,গাখীৰ আধা কাপ,বেকিং পাউদাৰ ১ চাহ চামুচ,চকলেট ১২০ গ্ৰাম ,নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী - চকলেট খিনি সৰু সৰু টুকুৰা কৰি লব।তাৰে ৫টুকুৰা মান এৰি বাকী খিনি গলাই লব ,লগতে বাটাৰ দুচামুচ দি ভালদৰে লৰাই নমাই থব।এতিয়া শুকান সামগ্ৰীবোৰ লগলগাই চালি লৈ তাত গলাই লোৱা চকলেট আৰু অলপ গাখীৰ দি ভালদৰে লৰাই কেকৰ মিশ্ৰণটো তৈয়াৰ কৰিব।হেতাখনৰ পৰা সহজে পৰা জোখৰ অলপ পানীয়া হব লাগিব। বেকিং বাচন এটাত মিশ্ৰণটোৰ আধামান ঢালি দি চকলেটৰ টুকুৰাকেইটা মাজতে দি ওপৰত বাকী খিনি মিশ্ৰণ ঢালি দিয়ক। অভেনত ১৮০ ডিগ্ৰীত ১০-১২ মিনিট বেক কৰিব।কুকাৰত বনালে অলপমান বেছি সময় লাগিব।

No comments:
Post a Comment