ভিয়েতনামীজ ৰাইচ পেপাৰ ফ্রেচ স্প্রিং ৰোল
সামগ্রী -
ৰাইচ পেপাৰ চাৰি খন
কটেজ ছিজ/পনিৰ ১০০গ্রাম
লেটুচ, পালেং আৰু
পুদিনা পাত কেইটামান
মেয়োনিজ ১ টেবুল চামুচ
নিমখ সোৱাদ অনুযায়ী
জালুকৰ গুৰি ১/৪ চামুচ
গাজৰ দুটা
বিলাহী দুটা
তিয়হ এটা
পানী এবাতি
প্ৰস্তুত প্রনালী --- পাচলি কেইবিধ ভালদৰে ধুই লব। পাত কেইবিধৰ বাহিৰে বাকী পাচলি আৰু পনিৰ পাতলকৈ আৰু একে জোখতে ডেৰ ইঞ্চি মান দীঘলকৈ কাটি লব। ৰাইচ পেপাৰ এখন পানীত ৩০ ছেকেণ্ড তিয়াই লগালগ কাহী এখনত পাৰি দি প্রথমে পাত কেইবিধৰ ২-৩ টা মানকৈ দি ওপৰত পনিৰ পাচলিৰ টুকুৰা, মেয়োনিজ, নিমখ আৰু জালুকৰ গুৰি দি দুয়ো কাষ মুৰি লৈ ৰোল টো তৈয়াৰ কৰিব। খুব তাৰাতাৰিকৈ বনাব লাগিব নহলে পেপাৰ খন কাহীত লাগি ধৰি ফাটি যাব। এনেদৰে বাকী কেইটা ৰোলো তৈয়াৰ কৰি যিকোনো চছৰ লগত পৰিবেশন কৰিব।
No comments:
Post a Comment