Sunday, 26 April 2020

Burnt Garlic Flavored Dalia Pulao


বার্ন্ট গার্লিক ফ্লেভার্ড দালিয়া পোলাও 

সামগ্রী -
দালিয়া এবাতি 
পানী আঢ়ৈ বাতি 
নহৰু ৭ - ৮ কোহ 
পিয়াঁজ আধা কাপ
গাজৰ আধা কাপ 
ফ্রেঞ্চবিন আধা কাপ 
কেচাঁ মটৰ আধা কাপ
নিমখ সোৱাদ অনুযায়ী
আদা বটা আধা চামুচ
নেমুৰ ৰস দুই চাহ চামুচ
ধনীয়া গুৰি আধা চামুচ
কচুৰি মিথি আধা চামুচ
জালুকৰ গুৰি আধা চামুচ 
তেল বা ঘিউ প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী ---  পানী আৰু দালিয়া খিনি কুকাৰত বহাই এটা হুইছেল মাৰিলে নমাই থব। নহৰু কেইকোহ কুটি লব। গাজৰ, মটৰ আৰু বিন খিনি সিজাই লওঁক। কেৰাহীত জোখ মতে তেল বা ঘিউ দি নহৰু খিনি ৰঙচুৱা হোৱালৈ ভাজি তুলি থৈ সেই তেলতে পিয়াঁজ আৰু মচলা ভাজি সিজোৱা পাচলি খিনি ভাজিব। এতিয়া দালিয়া খিনি দি অলপ ভাজি নিমখ, ভজা নহৰু আৰু নেমুৰ ৰস দি এক ডেৰ মিনিট একেৰাহে লৰাই নমাই আনি গৰমে গৰমে পৰিবেশন কৰিব। 






No comments: