Sunday, 26 April 2020

Balsamic Vinaigrette Fried Chicken


 বলচামিক ভিনেগ্রেট ফ্রাইড চিকেন

সামগ্রী -
বলচামিক ভিনেগাৰ ২ টেবুল চামুচ
টমেটো চিলি চছ ১ টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
ধনীয়া গুৰি এক চামুচ
নিমখ সোৱাদ অনুযায়ী
মিক্স হার্ব আধা চামুচ
নহৰু বটা এক চামুচ
আদা বটা আধা চামুচ
তেল প্ৰয়োজন মতে
চিকেন ৫০০ গ্ৰাম
পিয়াঁজ দুটা

প্ৰস্তুত প্রনালী ---  চিকেন খিনি ধুই ভালদৰে পানী চেপি লৈ একাষে থৈ দিয়ক। পিয়াঁজ দুটা ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লব। বহল বাচন এটাত বলচামিক ভিনেগাৰ, চছ, 
নিমখ আৰু বাকী সকলো মচলা লগলগাই এটা দ্রেচিং তৈয়াৰ কৰি লব। তাতে চিকেন খিনি দি ভালদৰে সানি ঢাকোন লগাই ২ ঘন্টা থৈ দিয়ক। ননস্তিক কেৰাহী এটাত জোখ মতে তেল দি মেৰিনেটেড চিকেন খিনি বহাই দিব। বাচন টোত ৰৈ যোৱা মেৰিনেড খিনিও দিব। মাংস খিনি প্ৰায় ভজা হলে কটা পিয়াঁজ খিনি দি ২ মিনিট সময় পিছত কেৰাহীটো জুইৰ পৰা নমাই আনি গৰমে গৰমে পৰিবেশন কৰিব। 

No comments: