Tuesday, 14 April 2020

Unpolished Moong Dal Dosa ( Diabetic Diet)


বাকলি থকা মুগৰ দালিৰ দোছা ( ডায়বেটিক ডায়েট) 

সামগ্রী -
বাকলি থকা মুগৰ দালি একাপ
চাউল দুই টেবুল চামুচ
কেচা জলকীয়া দুটা
ধনীয়া গুৰি আধা চামুচ
জিৰা গুৰি আধা চামুচ
কচুৰি মিথি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
ধনীয়া পুদিনা পাত অলপ
মিথি গুৰি এচিকুট
তেল জোখ মতে

প্ৰস্তুত প্রনালী ---  মুগৰ দালি আৰু চাউল খিনি লগলগাই ভালদৰে ধুই এক ঘন্টা মান সময় পানীত তিয়াই থৈ দিয়ক। তাৰ পিছত দালি খিনিৰ আধা মান বাকলি পেলাই দি খৰাহী এটাত তৰিয়াই লব। এতিয়া দালি খিনিৰ লগত জলকীয়া আৰু ধনীয়া পুদিনা পাত খিনি দি মিক্সিত হৰহৰিয়াকৈ পিহি লব। বেছি মিহি হব নালাগে। দালিৰ মিশ্রণ টোৰ লগত নিমখ, মচলা আৰু জোখ মতে পানী দি ঘন ঘোল এটা তৈয়াৰ কৰি লব। একেবাৰে কম জুইত দোছা তাৱা খন পাতি ২ হেতা ঘোল বহলাই দি জুই মধ্যেমীয়া কৰি লৈ তেল ছটিয়াই দিব। অলপ ৰঙচুৱা হলে লুটিয়াই দি মাজত চয়াবিনৰ তৰকাৰী দি নমাই আনি গৰমে গৰমে পৰিবেশন কৰিব। 




No comments: