ধাবা স্টাইল চিলি পনিৰ
সামগ্রী -
ৰঙা,সেউজীয়া কেপচিকাম ২টা
জালুকৰ গুৰি আধা চামুচ
কর্ণ ফ্লাৱাৰ ১ টেবুল চামুচ
টমেটো চিলি চছ ২ চামুচ
জলকীয়া গুৰি ১ চামুচ
নিমখ সোৱাদ অনুযায়ী
জিৰা, ধনীয়া গুৰি এচামুচ
কচুৰি মিথি আধা চামুচ
পনিৰ মচলা এক চামুচ
গাজৰ , বিলাহী এটাকৈ
কেচাঁ জলকীয়া ৪ - ৫ টা
পিয়াঁজৰ পাত আধা কাপ
আদা বটা আধা চামুচ
নহৰু বটা এক চামুচ
ডাঙৰ পিয়াঁজ ২ টা
পনিৰ ৩০০ গ্রাম
চয়া চছ ১ চামুচ
তেল জোখ মতে
প্ৰস্তুত প্রনালী --- কেপচিকাম, গাজৰ,পিয়াঁজ আৰু বিলাহীটো ডাঙৰ টুকুৰা কৰি কাটি লব। বিলাহীৰ গুটি বোৰ গুচাই পেলাই দিব। জলকীয়া কেইটা মাজেৰে ফালি লব। পনিৰ খিনি টুকুৰা কৰি কাটি লৈ জালুকৰ গুৰি, কর্ণ ফ্লাৱাৰ আৰু দুচামুচ মান পানী মিহলাই ভালদৰে সানি লব। কেৰাহীত জোখ মতে তেল দি পনিৰ খিনি ভাজি তুলি থব। কাঢ়া কৈ ভাজিব নালাগে। আন এটা কেৰাহীত ২ চামুচ তেল দি পিয়াঁজৰ পাত আৰু বাকী মচলা ভাজি পাচলি কেইবিধ ভাজিব। ২ মিনিট সময় ভজা হলে দুয়োবিধ চছ, নিমখ আৰু আধা কাপ পানী দি পনিৰ খিনি দিব। পনিৰৰ ৰৈ যোৱা মেৰিনেড খিনিও দিব। ৫ মিনিট সময় ভজাৰ পিছত কেৰাহীটো জুইৰ পৰা নমাই আনি গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment