Wednesday, 15 April 2020

Aata & Sabudana Laddu


আটা আৰু চাগুদানাৰ লাড়ু

সামগ্রী -
চাগুদানা ১ কাপ
আটা ১ গিলাচ 
চেনি ১ গিলাচ
ইলাচি ৫-৬ টা
কাজু বাদাম ১০ টা
অলমন্দ ১০-১২ টা
ঘিউ বা ৰিফাইন তেল
একাপ বা প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী ---  আটা খিনি ঘিউ বা তেল একো নিদিয়াকৈ সুদা কেৰাহীত কম তাপত ফহফহীয়া হোৱালৈ ভাজি একাষে থৈ দিয়ক। তেনেদৰে চাগুদানা খিনিও ভাজি মিক্সিত গুৰি কৰি লব। চাগুখিনি ভাজোতে ইলাচি, অলমণ্ড আৰু কাজু কেইটাও একেলগে ভাজি গুৰি কৰি লব। চেনিও গুৰি কৰি লব লাগিব। বহল বাচন এটাত আটাইকেইবিধ সামগ্রী মিহলাই লৈ ঘিউ বা তেল দি ভালদৰে সানি লাড়ু বনাব। আইনাৰ বৈয়ামত ভৰাই থৈ এক ডেৰ মাহলৈ লাড়ুৰ জুতি লব পাৰি। 

No comments: