ষ্টাৰ এনিজ / চক্র ফুল মাটন কাৰী
সামগ্রী -
ছাগলীৰ মাংস ৭৫০ গ্রাম
জলকীয়া,পিয়াঁজ তিনিটাকৈ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এচামুচ
ষ্টাৰ এনিজ চাৰিটা
ধনীয়া গুৰি এচামুচ
জিৰা গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
কচুৰি মিথি আধা চামুচ
নহৰু বটা ডেৰ চামুচ
আদা বটা এক চামুচ
ধনীয়া পাত এমুঠি
হালধি এক চামুচ
গুড় এক চামুচ
দৈ আধা কাপ
তেল জোখ মতে
প্ৰস্তুত প্রনালী --- মাংস খিনি ধুই পানী চেপি লৈ জালুকৰ গুৰি, দৈ আৰু আধা চামুচ নিমখ দি ভালদৰে সানি এঘন্টা থৈ দিয়ক। ষ্টাৰ এনিজ চাৰিটাৰ এটা শুকানে ভাজি গুৰি কৰি লব। ভিটামিন এ আৰু চি সমৃদ্ধ এই বিধ মচলা মধুমেহ, বয়সৰ চাপ পৰা আৰু বদহজমৰ বাবে বিশেষ উপকাৰী। পিয়াঁজ ,জলকীয়া আৰু ধনীয়া পাত খিনি কুটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ, জলকীয়া আৰু বাকী সকলো মচলা ভাজি মাংস খিনি ভাজিব। মাংস ভাজি থাকোতে হালধি, নিমখ,গুড় আৰু ষ্টাৰ এনিজ কেইটাও দিব। মাংস ভালদৰে ভজা হলে ডেৰ গিলাচ মান পানী দি সিজিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে ধনীয়া পাত আৰু ষ্টাৰ এনিজৰ গুৰি দি নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুব সোৱাদ লগা হয়।
No comments:
Post a Comment