Thursday, 16 April 2020

Grilled Fish With Lemon Butter Garlic Sauce


গ্রীল্ড ফিচ্ উইথ লেমন বাটাৰ গার্লিক চছ 

সামগ্রী -
গ্রাচ কার্প মাছ ৪-৫ টুকুৰা
জালুকৰ গুৰি আধা চামুচ
নেমুৰ ৰস ২ টেবুল চামুচ
মিহিকৈ কুটা নহৰু এচামুচ
বাটাৰ ২ টেবুল চামুচ
কচুৰি মিথি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
পুদিনাৰ গুৰি এচামুচ
 কেচাঁ জলকীয়া দুটা
বিন ৬-৭ ডাল
মৌ আধা চামুচ

প্ৰস্তুত প্রনালী ---   মাছ কেইটুকুৰা ভালদৰে ধুই নিমখ আৰু জালুকৰ গুৰি সানি একাষে থৈ দিয়ক। জলকীয়া দুটা মাজেৰে ফালি লব। বিন কেইডাল সিজাই লব। ননস্তিক কেৰাহী এটাত বাটাৰ এচামুচ গলাই লৈ বিন কেইডাল অলপ ভাজি তুলি থব। সেই বাটাৰতে জলকীয়া আৰু নহৰু খিনি ভাজি নেমুৰ ৰস আৰু বাকী সামগ্রী দিব,লগতে আধা কাপ পানী দি উতলাই নমাই থব। মাছ কেইটুকুৰা গ্রীল্ড পেনত বাটাৰ এচামুচ দি গ্রীল্ড কৰি লব। প্লেটত প্রথমে ভজা বিন ৰাখি ওপৰত মাছৰ টুকুৰা সজাই চছ খিনি ঢালি দি গৰমে গৰমে পৰিবেশন কৰিব। 



No comments: