ৰেড ভেলভেট গ্লাচ কেক
সামগ্রী -
তিনিটা কনীৰ বগা অংশ আৰু কুহুম দুটা
অলমন্দ পাউদাৰ দুই টেবুল চামুচ
ৰঙা ফুড কালাৰ দুটোপাল মান
বেকিং চ'ডা আধা চামুচৰ কম
বেকিং পাউদাৰ এক চামুচ
ৰিফাইন তেল আধা কাপ
ভেনিলা এচেন্স এক চামুচ
গাখীৰ দুই টেবুল চামুচ
ময়দা এক কাপ
চেনি আধা কাপ
নিমখ এচিকুট
প্ৰস্তুত প্রনালী --- ষ্টীল অথবা পেপাৰ গিলাচ ( Disposable) চাৰিটা মান তেল সানি একাষে থৈ দিয়ক। ময়দাৰ লগত শুকান সামগ্রী বোৰ লগলগাই চালি লব। চেনি খিনি মিক্সিত গুৰি কৰি লব। কনীৰ বগা খিনি ৩০ ছেকেণ্ড ফেটি তাত দুচামুচ মান চেনি দি আকৌ ৫ মিনিট মান সময় ফেটি একাষে থৈ দিয়ক। কনীৰ কুহুম দুটা অলপ ফেটি তাত চেনি আৰু জুলীয়া সামগ্রী বোৰ লগলগাই লৈ আকৌ কিছু ফেটি ময়দা খিনি অলপ অলপ কৈ দি ফেটিব যাতে লাৰু লাৰু নহয়। ফুড কালাৰ খিনিও দিব। এতিয়া কনীৰ বগা খিনি দি লাহে লাহে মিহলাই গিলাচ কেইটাত ভৰাই প্রিহিট অভেনত ১৬০ ডিগ্রীত ২০-২৫ মিনিট সময় বেক কৰিব। কুকাৰ বা কেৰাহীত বহালে অলপ বেছি সময় লাগিব পাৰে।
No comments:
Post a Comment