ৰঙা বাহক / তিতা ফুলৰ খাৰ শ'ল মাছৰ সৈতে
সামগ্রী -
তিতা ফুল ১ টেবুল চামুচ ( ১৫-২০ টা)
কলাখাৰ এচামুচ বা ছ'ডা এচিকুট
ভাত ২ টেবুল চামুচ
শ'ল মাছ ৩-৪ টুকুৰা
আদা নহৰু বটা ১ চামুচকৈ
সৰিয়হ আধা চামুচ
কেচা জলকীয়া দুটা
জিৰা গুৰি আধা চামুচ
নিমখ, জালুক-জলকীয়া
গুৰি সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
প্ৰস্তুত প্রনালী --- তিতা ফুল খিনি ধুই পানী চেপি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি তুলি থব। সেই তেলতে সৰিয়হ ফুটাই দি জলকীয়া আৰু মচলা খিনি ভাজি লৈ তিতা ফুল কেইটা ভাজিব। নিমখ আৰু হালধি এচিকুটো দিব। এতিয়া ভাত খিনি দি অলপ সময় ভাজি ১ কাপ পানী আৰু খাৰ খিনি দি লগতে ভজা মাছ কেইটুকুৰা দি উতলিব দিব। থুপথুপীয়া হলে কেৰাহীটো জুইৰ পৰা নমাই থব। খোৱাৰ সময়ত আধা চামুচ কেচা মিঠাতেল মিহলাই পৰিবেশন কৰিব। তিতা ফুলৰ খাৰ অতি পুস্তিকৰ আৰু জুতি লগা ব্যঞ্জন।
No comments:
Post a Comment