বার্ন্ট গার্লিক নুডলচ
সামগ্রী -
নুডলচ ৩০০ গ্ৰাম
নহৰু ৬ - ৮ কোহ
টমেটো ছিলি চছ ২ চামুচ
পিয়াঁজৰ পাত আধা কাপ
ৰঙা,সেউজীয়া কেপচিকাম ২টা
গাজৰ আৰু পিয়াঁজ এটাকৈ
বন্ধা কবি আধা কাপ
নিমখ সোৱাদ অনুযায়ী
জলকীয়া ৩-৪ টা
চয়া চছ ২ চামুচ
তেল ২ চামুচ
প্ৰস্তুত প্রনালী --- নুডলচ খিনি ৮০% সিজাই চয়া চছ খিনি সানি একাষে থৈ দিয়ক। পাচলি খিনি টুকুৰা কৰি কাটি লব। নহৰু কেইকোহ কুটি লব। কেৰাহীত তেল দি নহৰু খিনি ৰঙচুৱা হোৱালৈ ভাজি তুলি থব। সেই তেলতে জলকীয়া, পিয়াঁজ আৰু বাকী সকলো পাচলি দি ৫ মিনিট সময় ভাজিব। নিমখ আৰু টমেটো চছ দি নুডলচ আৰু ভজা নহৰু খিনি দিব। ২ মিনিট সময় একেৰাহে লৰাই নমাই আনি গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment