ৰঙা বাহক / তিতা ফুল খাৰ উইথ ফিচ হেড
সামগ্রী -
কলাখাৰ এচামুচ বা চ'ডা এচিকুট
তিতা ফুল ২ টেবুল চামুচ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
নিমখ সোৱাদ অনুযায়ী
জিৰা গুৰি আধা চামুচ
আদা বটা এক চামুচ
নহৰু বটা আধা চামুচ
ভাত ২ টেবুল চামুচ
মাছৰ মূৰ এটা
জলকীয়া দুটা
তেল জোখ মতে
প্ৰস্তুত প্রনালী --- তিতা ফুল খিনি ভালদৰে ধুই লব। মাছৰ মূৰটো দুফাল কৰি কাটি লৈ তেলত ভাজি তুলি থৈ সেই তেলতে জলকীয়া আৰু মচলা ভাজি তিতা ফুল খিনি ভাজিব। ভজা গোন্ধ ওলালে ভাত আৰু মাছৰ মূৰ খিনি দি হেতাৰে অলপ ভাঙি দিব। লগতে নিমখ,খাৰ আৰু এগিলাচ পানী দি ঢাকোন লগাই দহ মিনিট মান সময় সিজিবলৈ দিব। আঞ্জা খন থুপথুপীয়া হলে কেৰাহীটো জুইৰ পৰা নমাই থব। খোৱাৰ সময়ত এচামুচ কেচা মিঠাতেল খাৰ খনত মিহলাই লব। গৰম ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয়।
No comments:
Post a Comment