ওটচ এন্ড পটেটো হেল্ডি ব্রেকফাস্ট
সামগ্রী -
ওটচ এক কাপ
চুজি আধা কাপ
সিজোৱা আলু তিনিটা
ধনীয়া গুৰি আধা চামুচ
জালুকৰ গুৰি আধা চামুচ
টমেটো চছ ১টেবুল চামুচ
ধনীয়া পুদিনা পাত অলপ
কচুৰি মিথি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
গলোৱা বাটাৰ দুচামুচ
তেল প্ৰয়োজন মতে
কেচা জলকীয়া দুটা
পিয়াঁজ তিনিটা
দৈ আধা কাপ
কনী চাৰিটা
প্ৰস্তুত প্রনালী --- ওটচ আৰু চুজি লগলগাই মিক্সিত অলপ পিহি লওঁক। দৈ খিনি ফেটি লব আৰু আলু কেইটা ৰুকি লব। পিয়াঁজ আৰু জলকীয়া সৰুকৈ কুটি লৈ দুভাগ কৰিব। এভাগ ওটচৰ লগত মিহলাই আন ভাগৰ লগত কনী কেইটা ফেটি লৈ বহলকৈ এখন অমলেট বনাই একাষে থৈ দিব। বহল বাচন এটাত ওটচ খিনি লৈ আলু, মচলা, ধনীয়া পুদিনা, নিমখ, বাটাৰ আৰু চছ খিনিৰ আধা মান লৈ দৈৰে আটা মাৰাৰ দৰে মথি দুভাগ কৰি দুখন কাহীত বহলাই লৈ কুকি কাটাৰেৰে কাটি তাৱাত ভাজি লব। একে কাটাৰেৰে অমলেট টোও কাটি লব। প্লেটত প্রথমে ওটচৰ কাটলেট ৰাখি ওপৰত অমলেট আকৌ কাটলেট তাৰ ওপৰত আকৌ অমলেট এনেকৈ চছ আৰু ধনীয়া পাতেৰে সজাই গৰমে গৰমে পৰিবেশন কৰিব।
No comments:
Post a Comment