Monday, 20 April 2020

Milk Frosting Cake ( No Maida No Cream)


 মিল্ক ফ্রস্টিং কেক ( ময়দা ক্রিম নোহোৱাকৈ) 

সামগ্রী -
(১) আটা এক কাপ
দৈ আধা কাপ
গাখীৰ আধা কাপ
পাউদাৰ চেনি আধা কাপ
ৰিফাইন তেল আধা কাপ
বেকিং পাউদাৰ এক চামুচ
ভেনিলা এচেন্স ১চামুচ
নিমখ আধা চামুচৰ কম

(২) মিল্ক ফ্রস্টিং বনাবৰ বাবে -
পাউদাৰ গাখীৰ আধা কাপ
পাউদাৰ চেনি আধা কাপ
ভেনিলা এচেন্স ১চামুচ
গাখীৰ ডেৰ লিটাৰ
এটা নেমুৰ ৰস
ফুড কালাৰ

প্ৰস্তুত প্রনালী ---   (১) কেক টিন এটাত বাটাৰ পেপাৰ পাৰি তেল সানি আটা ছটিয়াই একাষে থৈ দিয়ক। আটা আৰু বেকিং পাউদাৰ একেলগে চালি লব। দৈ খিনি ফেটি লৈ তাত গাখীৰ, তেল, চেনি, নিমখ আৰু ভেনিলা এচেন্স দি ভালদৰে ফেটি আটা খিনি অলপ অলপকৈ দি লাহে লাহে মিহলাই লৈ কেক টিনত ঢালি  প্রিহিট অভেনত ১৮০ ডিগ্রীত ২৫- ৩০ মিনিট সময় বেক কৰিব। কুকাৰ বা কেৰাহীত বনালে এবাতি নিমখ দি তাৰ ওপৰত স্টেন্ড বা স্টিলৰ প্লেট এখনত কেক টিনটো বহাই দিব। কেকটো ঠান্ডা হলেহে ফ্রস্টিং কৰিব।(২) ফ্রস্টিং তৈয়াৰ কৰিবৰ বাবে গাখীৰ খিনি গৰম হবলৈ দি এক উতল আহিলে জুই বন্ধ কৰি দি নেমুৰ ৰস দি ফটাই চানা খিনি কপাহী কাপোৰত লৈ ভালদৰে পানী চেপি লব। চানা খিনিৰ লগত পাউদাৰ গাখীৰ, চেনি আৰু ভেনিলা এচেন্স মিহলাই লৈ মিক্সিত পিহি লৈ নিজৰ পছন্দ মতে ফুড কালাৰ মিহলাই লৈ আইচিং কৰিব। 

No comments: