Friday, 24 April 2020

Paneer With Roasted Onion Garlic Thick Gravy



পনিৰ উইথ ৰোস্টেড অনিঅন গার্লিক থিক্ গ্রেভি

সামগ্রী -
পনিৰ ৩০০ গ্রাম
ক্ৰিম দুই চামুচ
পিয়াঁজ ৪ টা
বিলাহী এটা
অলমন্দ ১০ টা
নহৰু ৭ -৮ কোহ
কেচাঁ জলকীয়া দুটা
আদা বটা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
কচুৰি মিথি আধা চামুচ
গৰম মচলা আধা চামুচ
জালুকৰ গুৰি ১/৪ চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্রনালী --- অলমন্দ কেইটা এঘন্টা মান তিয়াই থৈ বাকলি গুচাই লব। পিয়াঁজ, জলকীয়া, নহৰু আৰু বিলাহীটো তাৱা এখনত বহাই ভালদৰে পুৰি লৈ অলমন্দৰ সৈতে মিক্সিত পিহি লওঁক। পনিৰ খিনি টুকুৰা কৰি কাটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ নহৰু বটা খিনি ভাজি বাকী বোৰ মচলা ভাজিব। মচলা ভজা হলে নিমখ আৰু এগিলাচ মান পানী দি উতলিব দিব। লগতে পনিৰ খিনিও দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে ক্ৰিম খিনি দি নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুব সোৱাদ লগা হয়। 


No comments: