অৰিও বিস্কুট কেক ইন প্রেচাৰ কুকাৰ
সামগ্রী -
অৰিও বিস্কুট ২০ খন
গাখীৰ এক কাপ
বাটাৰ ১ টেবুল চামুচ
বেকিং পাউদাৰ ১/২ চামুচ
প্ৰস্তুত প্রনালী --- গাখীৰ কাপ গৰম কৰি অলপ ঠান্ডা হবলৈ দিয়ক। বিস্কুট কেইখন মিক্সিত খুব মিহিকৈ গুৰি কৰি লওঁক। দুই বা তিনি লিটাৰৰ কুকাৰ এটাৰ আধা মানলৈ বাটাৰ সানি বেকিং পেপাৰ পাৰি বিস্কুটৰ গুৰি অলপ ছটিয়াই দিব। তাৱা এখন গৰম হবলৈ দিয়ক। এতিয়া বিস্কুটৰ গুৰিৰ লগত গাখীৰ, বাটাৰ আৰু বেকিং পাউদাৰ মিহলাই ভালদৰে ফেটি কুকাৰত ঢালি দি কুকাৰটো তাৱা খনত বহাই ঢাকোন লগাই দিব। হুইছল আৰু ৰবৰ খুলি থব। ২০-২৫ মিনিট সময় পিছত কুকাৰটো নমাই আনি ঠান্ডা হবলৈ দিব। তাৰ পাছত কেকটো কাটি গৰম চাহ কফিৰ লগত পৰিবেশন কৰিব।
No comments:
Post a Comment