Thursday, 23 April 2020

Fish Kofta With Carrot & Tomato Gravy


ফিস কোফ্তা উইথ কেৰট এন্ড টমেটো  গ্রেভি

সামগ্রী -
ভকুৱা মাছ ৫ -৬ টুকুৰা 
পিয়াঁজ, গাজৰ তিনিটাকৈ
জলকীয়া, বিলাহী দুটাকৈ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
নিমখ সোৱাদ অনুযায়ী
গৰম মচলা আধা চামুচ
ধনীয়া গুৰি এক চামুচ
জিৰা গুৰি এক চামুচ
বেচন ২ টেবুল চামুচ
নহৰু বটা এক চামুচ
আদা বটা এক চামুচ 
তেল,হালধি জোখৰ
ধনীয়া পাত এমুঠি
ক্ৰিম দুই চামুচ

প্ৰস্তুত প্ৰনালী ---  মাছ কেইটুকুৰা সিজাই কাঁইট বোৰ গুচাই অলপ পিটিকি লওঁক।  গাজৰ,বিলাহী আৰু দুটা পিয়াঁজ সিজাই জলকীয়াৰ সৈতে মিক্সিত পিহি লব। এটা পিয়াঁজ আৰু ধনীয়া পাত খিনি মিহিকৈ কুটি লব। সকলো বিধ মচলাৰে দুভাগ কৰি এভাগ গ্ৰেভিৰ বাবে ৰাখি আন ভাগ সিজোৱা মাছৰ লগত মিহলাই লব। লগতে অলপ নিমখ আৰু কুটা পিয়াঁজ ধনীয়া পাত খিনি দি ভালদৰে সানি লাড়ু বনাই তেলত ভাজি তুলি থব। সেই তেলতে মচলা বোৰ ভাজি গাজৰ বিলাহীৰ পিউৰি খিনি ভাজিব। ভজা হলে এবাতি মান পানী দি উতলিব দিব। ভালদৰে উতল আহিলে নিমখ, ক্রিম  আৰু মাছৰ লাড়ু কেইটা দি দুই মিনিট সময় পিছত নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয়। 







No comments: