Thursday, 23 April 2020

Omelette Decorated Arrowroot Breakfast For Kids


অমলেট ডেকোৰেটেদ অৰাৰোট ব্রেকফাষ্ট ফৰ কিডচ 

সামগ্রী -
অৰাৰোট পাউদাৰ এক কাপ
অলমন্দ পাউদাৰ ১/৪ কাপ
কেইবিধমান সতেজ পাচলি
ধনীয়া পুদিনা পাত অলপ
নিমখ সোৱাদ অনুযায়ী
আদা নহৰু বটা এচামুচ
জালুকৰ গুৰি ১/৪ চামুচ
জিৰা ধনীয়া গুৰি এচামুচ
টমেটো চছ এক চামুচ
তেল প্ৰয়োজন মতে 
গাখীৰ এক কাপ
বাটাৰ এচামুচ 
কনী এটা

প্ৰস্তুত প্রনালী ---  (১) অৰাৰোট আৰু অলমন্দ পাউদাৰ খিনি লগলগাই সামান্য নিমখ দি গাখীৰেৰে আটাৰ দৰে মথি দহ মিনিট সময় ঢাকি থওঁক। (২) পাচলি কেইবিধ ভালদৰে ধুই কাটি লৈ আপোনাৰ সন্তানে খাবলৈ বিচৰা ভাজি এখন বনাই ঢাকি থব। (৩) অৰাৰোট আটা খিনিৰ কেইখনমান সৰু সৰু ৰুটি বনাই দীঘলীয়াকৈ বা নিজৰ পছন্দ মতে কাটি লব। (৪) বাটাৰ খিনি গৰম হবলৈ দি কনীটো ফেটি অমলেট এটা বনাই লব। (৫) প্লেটত প্ৰথমে ভাজি খিনি দি ওপৰত অমলেটটো সজাই কাষৰ ফালে ৰুটি খিনি ৰাখি চছ ছটিয়াই দিব। সুন্দৰকৈ সজাই পৰিবেশন কৰিলে শিশু সকলে পছন্দ নকৰা খোৱা খিনিও আগ্ৰহেৰে খাবলৈ লব। 






No comments: