ভোট জলকীয়াৰ চছ
সামগ্রী -
পকা ভোট জলকীয়া আধা কিলো
নিমখ দুচামুচ বা সোৱাদ অনুযায়ী
জালুকৰ গুৰি আধা চামুচ
ধনীয়া গুৰি এক চামুচ
ভিনেগাৰ এক কাপ
নহৰু ১০ -১২ কোহ
চেনি আধা কাপ
পানী ডেৰ কাপ
প্ৰস্তুত প্রনালী --- জলকীয়া কেইটা ধুই টুকুৰা কৰি কাটি লওঁক। ভিনেগাৰ আৰু পানী একাপ গৰম হবলৈ দিব। নহৰু আৰু জলকীয়া খিনি গুটিৰে সৈতে ভিনেগাৰত দি ১৫ মিনিট সময় উতলাই নমাই আনি অলপ ঠান্ডা হলে মিক্সিত পিহি লৈ চেকি লব। চছপেন এটাত আধা কাপ পানী আৰু জলকীয়া পিউৰি খিনি গৰম হবলৈ দি মচলা,নিমখ আৰু চেনি দি উতলিব দিব। অলপ ঘন হলে নমাই আনি ঠান্ডা হবলৈ দিব। আইনাৰ বটলত ভৰাই থৈ বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰিব।
No comments:
Post a Comment